কাইলৈ পুৱা ১০ বজাত এমপিচিৰ পৰ্যালোচনা বৈঠকৰ ফলাফল ঘোষণা কৰিব ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ
নতুন দিল্লী, ০৭ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াৰ সংকটৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ তিনিদিনীয়া পৰ্যালোচনা বৈঠকৰ দ্বিতীয় দিন অব্যাহত আছে। সোমবাৰৰ পৰা আৰম্ভ হৈছিল এই বৈঠক। বুধবাৰে পুৱা ১০ বজাত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই এ
आरबीआई के जारी लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ০৭ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াৰ সংকটৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ তিনিদিনীয়া পৰ্যালোচনা বৈঠকৰ দ্বিতীয় দিন অব্যাহত আছে। সোমবাৰৰ পৰা আৰম্ভ হৈছিল এই বৈঠক। বুধবাৰে পুৱা ১০ বজাত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই এই বৈঠকৰ সিদ্ধান্ত ঘোষণা কৰিব।

মঙলবাৰে এক্স-প’ষ্টত প্ৰকাশ কৰা এক বিবৃতিত আৰ বি আইয়ে মুদ্ৰানীতিৰ ঘোষণা ২০২৬ চনৰ ৮ এপ্ৰিলত হ’ব বুলি জানিবলৈ দিয়ে৷

আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকখন কঠিন সময়ত অনুষ্ঠিত হৈছে, কিয়নো বিশ্বৰ উত্তেজনা আৰু তেলৰ মূল্যবৃদ্ধিয়ে কেন্দ্ৰীয় বেংকৰ কাম-কাজ আৰু অধিক জটিল কৰি তুলিছে। পশ্চিম এছিয়াৰ সংকটৰ মাজতে চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ বাবে আৰ বি আইৰ প্ৰথমখন তিনিদিনীয়া পৰ্যালোচনা বৈঠক চলি আছে। এই পৰ্যালোচনা বৈঠক ৮ এপ্ৰিললৈকে চলি থাকিব।অৰ্থনীতিবিদসকলে আশা কৰিছে যে ৰেপো হাৰ ৫.২৫% হৈ থাকিব।

অৰ্থনীতিবিদসকলৰ মতে, ক্ৰমাৎ বৃদ্ধি পোৱা বিশ্বৰ অনিশ্চয়তা, উচ্চ খাৰুৱা তেলৰ মূল্য আৰু মুদ্ৰাৰ চাপৰ মাজত অৰ্থনৈতিক দৃষ্টিভংগীৰ মূল্যায়নৰ বাবে কেন্দ্ৰীয় বেংকে মুদ্ৰা পৰ্যালোচনা বৈঠকৰ সময়ত ৰেপো হাৰ ৫.২৫% অপৰিৱৰ্তিত ৰাখিব। এই পৰ্যালোচনা বৈঠকত নীতিগত সুতৰ হাৰ (ৰেপো হাৰ) আৰু মুদ্ৰাস্ফীতি নিৰ্ধাৰণ কৰা হ’ব।

ৰেপো ৰেটৰ অৰ্থ

ৰেপো ৰেট হ’ল আৰ বি আইয়ে বেংকক হ্ৰস্বম্যাদী ঋণৰ বাবে ঋণ দিয়া সুতৰ হাৰ। ই ঋণ, ইএমআই, সঞ্চয়, আৰু বিনিয়োগত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। ইয়াৰ পূৰ্বে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা পূৰ্বৰ বিত্তীয় বৰ্ষৰ শেষৰখন এমপিচি বৈঠকত ৰেপো হাৰ ৫.২৫% অপৰিৱৰ্তিত ৰখা হৈছিল। কিন্তু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰিজাৰ্ভ বেংকে ৰেপো হাৰ মুঠ ১.২৫% কৰ্তন কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande