গুৱাহাটীৰ বামুণীমৈদামত এক বৃহৎ অগ্নিকাণ্ডৰ ফলত কেইবাটাও ঘৰ জ্বলি ছাৰখাৰ
গুৱাহাটী, ০৭ এপ্ৰিল (হি.স.)। গুৱাহাটীৰ বামুনিমৈদাম অঞ্চলৰ অনুৰাধা ৰেলৱে কলনীত যোৱা নিশা ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হয়। প্ৰাথমিক তথ্য অনুসৰি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুই ক্ষীপ্ৰতাৰে তীব্ৰতৰ হৈ পৰে। সূত্ৰ অনুসৰি একেল
गुवाहाटी के बामुनीमैदाम में  लगी भीषण आग की तस्वीर, जिसमें कई घर जलकर खाक हो गए।


গুৱাহাটী, ০৭ এপ্ৰিল (হি.স.)। গুৱাহাটীৰ বামুনিমৈদাম অঞ্চলৰ অনুৰাধা ৰেলৱে কলনীত যোৱা নিশা ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হয়। প্ৰাথমিক তথ্য অনুসৰি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুই ক্ষীপ্ৰতাৰে তীব্ৰতৰ হৈ পৰে।

সূত্ৰ অনুসৰি একেলগে প্ৰায় সাতটা চিলিণ্ডাৰ বিস্ফোৰণ ঘটিছিল। এই ঘটনাত প্ৰায় ৫০ৰ পৰা ৬০টা ঘৰ ধ্বংস হোৱাৰ ফলত বহু পৰিয়াল গৃহহীন হৈ পৰে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে। সম্প্ৰতি ৰেলৱে কলনীত ভয় আৰু আতংকৰ পৰিৱেশ বিৰাজ কৰিছে।

এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান অগ্নিকাণ্ডৰ সঠিক কাৰণৰ তদন্ত অব্যাহত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande