
মানকাচাৰ, ০৭ এপ্ৰিল (হি.স.)। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্ত পৰিল। মানকাচাৰত শাসক বিৰোধীৰ নেতাই আজি অন্তিম নিৰ্বাচনী প্ৰচাৰ চলায় ৷ মানকাচৰৰ বিৰোধী মত্ৰজোঁটৰ প্ৰাৰ্থী মহিবুৰ ৰহমানৰ আজি হাটশিঙিমাৰীৰ ফুলেৰচৰ মানিক সৰকাৰ খেলপথাৰত অন্তিমটো নিৰ্বাচনী নিৰ্বাচনী সভা অনুষ্ঠিত কৰে ৷ সভাখনত ৰাইজৰ ব্যাপক সহাঁৰি আছিল ৷
উল্লেখ্য যে মানকাচৰ সমষ্টিত কংগ্ৰেছৰ টিকটৰ দাবীদাৰ ৮ গৰাকী আছিল যদিও মহিবুৰ ৰহমানে টিকট লাভ কৰাৰ পিছত ৬ গৰাকী প্ৰাৰ্থীয়ে মহিবুৰ ৰহমানক সমৰ্থন জনাই একেলগে চলাইছিল নিৰ্বাচনী প্ৰচাৰ লগতে ৰাইজৰ দৰে ব্যাপক সহাঁৰি জনাই সহায় কৰিছিল মহিবুৰ ৰহমানক ৷ লগতে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কংগ্ৰেছত যোগদান কৰি মহিবুৰ ৰহমানৰ হৈ চলাইছিল নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰচাৰৰ সময়ত ৰাইজৰ ব্যাপক সহাঁৰি লাভ কৰিছিল মহিবুৰ ৰহমানে ৷
আজি অন্তিমটো নিৰ্বাচনী সভা অনুষ্ঠিত কৰি মহিবুৰ ৰহমানে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও মন্তব্য কৰে ৷ ইফালে মানকাচৰত আজি অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে নিজৰ শক্তি প্ৰদৰ্শন কৰি বিশাল পদযাত্ৰা কৰা পৰিলক্ষিত হয়। সভাত অংশগ্ৰহণ কৰে শ শ সমৰ্থক।
উল্লেখ্য যে, মানকাচৰত ৩ লাখ ১১ হাজাৰ ১ শ ৫২ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৬ গৰাকী প্ৰাৰ্থীৰ ৷কংগ্ৰেছ দলৰ মহিবুৰ ৰহমান, অগপ দলৰ জাবেদ ইছলাম, এআইইউডিএফ দলৰ আবদুল ছালাম শ্বাহ, এছইউছিআই (চি) দলৰ সহিদুৰ আলম, নিৰ্দলীয় দুই গৰাকী প্ৰাৰ্থী ৷
৬ গৰাকী প্ৰাৰ্থী ভিতৰত কংগ্ৰেছৰ প্ৰাৰ্থী মহিবুৰ ৰহমান আৰু অগপ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ নাম ব্যাপক চৰ্চাত আছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা