চামগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী অনিল শইকীয়াই মহখূলি আৰু কাৱৈমাৰী খেলপথাৰত দুখনকৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে
নগাঁও, ০৭ এপ্ৰিল (হি.স.)। প্ৰচাৰৰ অন্তিম দিনটোত নগাঁৱৰ চামগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী অনিল শইকীয়াই মহখূলি আৰু কাৱৈমাৰী খেলপথাৰত দুখনকৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ভাষণত ৰকিবুল হুছেইনৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে
চামগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী অনিল শইকীয়াই মহখূলি আৰু কাৱৈমাৰী খেলপথাৰত দুখনকৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে


নগাঁও, ০৭ এপ্ৰিল (হি.স.)। প্ৰচাৰৰ অন্তিম দিনটোত নগাঁৱৰ চামগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী অনিল শইকীয়াই মহখূলি আৰু কাৱৈমাৰী খেলপথাৰত দুখনকৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ভাষণত ৰকিবুল হুছেইনৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিজেপি প্ৰাৰ্থী অনিল শইকীয়া।

কংগ্ৰেছে ৪০ বছৰে কৰিব নোৱাৰা উন্নয়ন কৰিব অনিল শইকীয়াই লগতে জালুকবাৰী দৰে উন্নয়ন হব চামগুৰিত।

কংগ্ৰেছে চামগুৰিত ৪০ বছৰে একো উন্নয়ন কৰা নাই সেয়ে দিল্লী বিহাৰৰ পৰা ষ্টাৰ কেম্পেইনাৰ আনি অখিল গগৈৰ হতুৱায়ো নিৰ্বাচনী প্ৰচাৰ চলাইছে ।বিজেপিৰ কোনো ষ্টাৰ কেম্পেইনাৰ নোহোৱাকৈ ভোটাৰেই প্ৰচাৰ চলাইছে বুলি মন্তব্য কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande