
হোজাই, ০৭ এপ্ৰিল (হি.স.)। সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যেগত কাকী ক্ৰীড়া সন্থাৰ খেল পথাৰত দহদিনীয়াকৈ অনুষ্ঠিত হোৱা বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সফল সামৰণি পৰে। ছাত্ৰ সংগঠনটোৰ ব্যৱস্থাপনাত ৬ টা বসন্ত গৰকা কৰ্মশালা খনত অঞ্চলটোৰ কণ-কণ শিশুৰ পৰা, গাভৰুলৈকে কৰ্মশালা খনত প্ৰশিক্ষণ গ্ৰহণ কৰি সামৰণি অনুষ্ঠানত নিজৰ প্ৰদৰ্শন আগবঢ়ায়।
নিশালৈকে চলা কৰ্মশালা খনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে সহস্ৰাধিক ৰাইজে। উল্লেখ্য যে, আগন্তক বৰ্ষৰ পৰা বিহুনাচৰ,ঢোলবাদনৰ লগতে হুচৰিৰো কৰ্মশালা অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে উদ্যেক্তা সকলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা