কলিয়াবৰৰ কুঁৱৰীটোল মাধৱগাঁৱত পুখুৰীত বিহ দি মাছ নিধনৰ ঘটনা
নগাও, ০৭এপ্ৰিল (হি.স.)। কলিয়াবৰৰ কুঁৱৰীটোল মাধৱগাঁৱত সংঘটিত হই এক অমানৱীয় ঘটনা। পুখুৰীত বিহ দি মাছ নিধনৰ ঘটনা পোহৰলৈ আহিছে। নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ বাবেই দুস্কৃতিকাৰীয়ে পুখুৰীত বিহ দিয়াৰ অভিযোগ। সৌভাগ্য মাধৱ দেৱালয়ৰ এই পুখুৰীটোত মৎস্যপালন কৰি আহিছ
কলিয়াবৰৰ কুঁৱৰীটোল মাধৱগাঁৱত পুখুৰীত বিহ দি মাছ নিধনৰ ঘটনা


নগাও, ০৭এপ্ৰিল (হি.স.)। কলিয়াবৰৰ কুঁৱৰীটোল মাধৱগাঁৱত সংঘটিত হই এক অমানৱীয় ঘটনা। পুখুৰীত বিহ দি মাছ নিধনৰ ঘটনা পোহৰলৈ আহিছে। নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ বাবেই দুস্কৃতিকাৰীয়ে পুখুৰীত বিহ দিয়াৰ অভিযোগ। সৌভাগ্য মাধৱ দেৱালয়ৰ এই পুখুৰীটোত মৎস্যপালন কৰি আহিছিল কুঁৱৰীটোলৰ মুন্না শৰ্মা নামৰ যুৱকজনে।

কলিয়াবৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবেই আক্ৰোশমূলক ভাৱে পুখুৰীত বিহ দিয়াৰ অভিযোগ উত্থাপন কৰিছে মুন্না শৰ্মাই। পুৱাৰ ভাগতে বৃহৎ পৰিমাণৰ মাছ ইতিমধ্যে পানীত ওপঙি উঠা প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে। নিৰ্বাচনৰ প্ৰাকক্ষণত সংঘটিত এই ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande