জোনাইৰ কংগ্ৰেছৰ কাৰ্যালয়ত দূৰ্বৃত্তৰ আক্ৰমণ
ধেমাজী, ০৭ এপ্ৰিল (হি.স.)। জোনাইৰ চিলে মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত নিশা দূৰ্বৃত্তৰ আক্ৰমণ। ভাঙি লণ্ডভণ্ড নিৰ্বাচনী কাৰ্য্যালয়। জোনাইত অব্যাহত আছে নিৰ্বাচনী হিংসাৰ ঘটনা। আজি পুৱতি নিশা পুনৰ কংগ্ৰেছ দলৰ চিলে মণ্ডলৰ কাৰ্য্যলয় ভাঙি লণ্ডভণ্ড কৰে দূৰ্বৃ
জোনাইৰ কংগ্ৰেছৰ কাৰ্যালয়ত দূৰ্বৃত্তৰ আক্ৰমণ


ধেমাজী, ০৭ এপ্ৰিল (হি.স.)। জোনাইৰ চিলে মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত নিশা দূৰ্বৃত্তৰ আক্ৰমণ। ভাঙি লণ্ডভণ্ড নিৰ্বাচনী কাৰ্য্যালয়।

জোনাইত অব্যাহত আছে নিৰ্বাচনী হিংসাৰ ঘটনা। আজি পুৱতি নিশা পুনৰ কংগ্ৰেছ দলৰ চিলে মণ্ডলৰ কাৰ্য্যলয় ভাঙি লণ্ডভণ্ড কৰে দূৰ্বৃত্তই। একাংশ কংগ্ৰেছ কৰ্মী সন্দেহ কৰা অনুসৰি আজি পুৱতি নিশা বিজেপি তথা ভূৱন পেগুৰ গুণ্ডাবাহিনীয়ে কাৰ্য্যালয়টো ভাঙি লণ্ড ভণ্ড কৰাৰ উপৰিও দলীয় পোষ্টাৰ-বেনাৰ আদি চোকা অস্ত্ৰৰে কাটি পেলোৱা বুলি অভিযোগ আনিছে।

ধাৰাবাহিক ভাবে কংগ্ৰেছৰ ওপৰত আক্ৰমণ কৰা কাৰ্য্যক গৰিহণা দি প্ৰশাসনক কঠোৰ হবলৈ দাবী জনাইছে একাংশ কংগ্ৰেছ কৰ্মীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande