বিশ্বাসঘাটকক আমি উচিত প্ৰত্যুত্তৰ দিব লাগে বুলি মন্তব্য নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসৰ
গুৱাহাটী, ০৭ এপ্ৰিল (হি.স.)। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা শাসকীয় বিজেপি তথা দলবাগৰি টিকট প্ৰত্যাশী হোৱা প্ৰাৰ্থীৰ বিৰুদ্ধে সৰৱ হৈ পৰে দলটোৰ পৰা বহিষ্কৃত তথা দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয়ৰূপে প্ৰতিদ্বন্দ্বিতা কৰা জয়ন্ত কুমাৰ দাস। আজি অনুষ্ঠিত এক সং
বিশ্বাসঘাটকক আমি উচিত প্ৰত্যুত্তৰ দিব লাগে বুলি মন্তব্য নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসৰ


গুৱাহাটী, ০৭ এপ্ৰিল (হি.স.)। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা শাসকীয় বিজেপি তথা দলবাগৰি টিকট প্ৰত্যাশী হোৱা প্ৰাৰ্থীৰ বিৰুদ্ধে সৰৱ হৈ পৰে দলটোৰ পৰা বহিষ্কৃত তথা দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয়ৰূপে প্ৰতিদ্বন্দ্বিতা কৰা জয়ন্ত কুমাৰ দাস। আজি অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে ৰামায়ণৰ উদ্ধৃতি দি দিছপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে সৰব হৈ পৰে। দিছপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসে কয় যে কংগ্ৰেছে সকলোখিনি দিয়াৰ পাছতো নিশাৰ ভিতৰতে বিজেপিত যোগদান কৰিলে ।

তেওঁ কয় যে, বিশ্বাসঘাটকক আমি উচিত প্ৰত্যুত্তৰ দিব লাগে, প্ৰভু ৰামচন্দ্ৰৰ লগত থকা স্বত্বেও বিভীষণক আজিও ঘৰ শত্ৰু বুলিয়েই কোৱা হয়। নেপালীৰ লগতে জনজাতীয় লোক সকলে ম'হৰ মাংস প্ৰসাদ হিচাপে গ্ৰহণ কৰে, এই ম'হৰ মাংসক গৰুৰ মাংস বুলি উপস্থাপন কৰি নিকৃষ্ট ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে । দিছপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও সৰব হৈ পৰে।

তেওঁ কয় যে অসমৰ উন্নয়নৰ সকলো কাম চৰকাৰেই কৰে, মুখ্যমন্ত্ৰীৰ পকেটৰ টকাৰে কৰা নাই, জনসাধাৰণৰ টকাৰে কৰিছে গতিকে কিহৰ বাহাদুৰি,সচিবালয়ৰ পৰা নাতিদূৰৈত জনসাধাৰণে কৃত্ৰিম বানত ককবকাই থাকে, কিয় এতিয়ালৈ সমাধান ন'হল ? নিৰ্বাচনৰ মাত্ৰ কিছুদিনৰ পূৰ্বেহে কিয় পাহাৰৰ লোকৰ বাবে ভূমি পট্টা ঘোষণা কৰিলে? মুখ্যমন্ত্ৰী হৈ থাকোঁতেই কিয় নোৱাৰিলে?মুখ্যমন্ত্ৰীৰ আসনখন নিশ্চিত নে? উচ্ছেদৰ ভেকো-ভাওনা কৰি মিঞাক খেদিলে কিন্তু তেওঁলোক এতিয়া ক'ত? তাৰ উত্তৰ দিয়ক।

দিছপুৰৰ প্ৰতিটো বুথৰ লগতে চাৰ্ভে ৰিপোৰ্ট মোৰ পক্ষত আছিল বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নিজেই মোক কৈছিল, তথাপিও মই বিজেপিৰ টিকটৰ পৰা বঞ্চিত হ'লো, মুখ্যমন্ত্ৰীয়ে সমাজখনক বিপথে পৰিচালিত কৰি ধ্বংস কৰি পেলাইছে। অন্ধভক্তৰ জৰিয়তে সঁচাক মিছা আৰু মিছাক সঁচা কৰিছে। ইফালে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত জয়ন্ত দাসে কয় যে পৱন খেৰাই মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অভিযোগ কৰিছে, মুখ্যমন্ত্ৰীও পুৰণি কংগ্ৰেছী পৱন খেৰাও কংগ্ৰেছী, যিয়েই দোষী সাব্যস্ত হয় উচিত শাস্তি পাব লাগে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande