ইৰাণত প্ৰভাত হোৱাৰ পূৰ্বেই তেহৰাণ আৰু ইয়াৰ আশে-পাশে আক্ৰমণ
তেহৰাণ/টেল আভিভ/ৱাশ্বিংটন, ০৭ এপ্ৰিল (হি.স.)। ইৰাণৰ বিৰুদ্ধে ২৮ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা আমেৰিকা-ইজৰাইলৰ যৌথ সামৰিক অভিযান দিনক দিনে অধিক বিপজ্জনক হৈ পৰিছে। ইৰাণে শত্ৰু দেশ আৰু তেওঁলোকৰ মিত্ৰ দেশসমূহৰ ওপৰত আক্ৰমণ চলাইছে। আজি পুৱা যুদ্ধই ৩৯ সংখ্যক দি
6f0a7d56c2cd7a0861b17eb27bfb562b_2078920223.jpg


তেহৰাণ/টেল আভিভ/ৱাশ্বিংটন, ০৭ এপ্ৰিল (হি.স.)। ইৰাণৰ বিৰুদ্ধে ২৮ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা আমেৰিকা-ইজৰাইলৰ যৌথ সামৰিক অভিযান দিনক দিনে অধিক বিপজ্জনক হৈ পৰিছে। ইৰাণে শত্ৰু দেশ আৰু তেওঁলোকৰ মিত্ৰ দেশসমূহৰ ওপৰত আক্ৰমণ চলাইছে। আজি পুৱা যুদ্ধই ৩৯ সংখ্যক দিনত প্ৰৱেশ কৰে। ইজৰাইলে মঙলবাৰে ভোৰ হোৱাৰ পূৰ্বেই ইৰাণৰ কেইবাখনো চহৰত তীব্ৰ আক্ৰমণ চলায়। ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হৰমুজ জলদ্বীপ মুকলি কৰাৰ সময়সীমা ওচৰ চাপি অহাৰ লগে লগে সমগ্ৰ মধ্যপ্ৰাচ্যত ভয়ৰ পৰিৱেশ বিয়পি পৰিছে। ইৰাণে ট্ৰাম্পৰ সতৰ্কবাণীক গুৰুত্ব নিদিয়ে বুলি উল্লেখ কৰিছে। যদি ট্ৰাম্পে নিজৰ দলং আৰু বিদ্যুৎ কেন্দ্ৰসমূহক লক্ষ্য কৰি লয় তেন্তে তেওঁলোকেও ইয়াৰ প্ৰতি সঁহাৰি জনাব।

ইজৰাইলৰ টাইমছ, চিবিএছ নিউজ আৰু আল জাজিৰাৰ বাতৰি অনুসৰি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে মঙলবাৰে পুৱাই ৰাজধানী তেহৰাণ আৰু ইৰাণৰ অন্যান্য অঞ্চলত বৃহৎ পৰিসৰৰ আক্ৰমণ চলোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ কেইঘণ্টামান পূৰ্বে ইজৰাইলৰ সেনাই ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ কেইবাটাও ঘাটি, মিছাইল ছাইট, পেট্ৰ’কেমিকেল প্লাণ্টকে ধৰি লক্ষ্যৰ তালিকা প্ৰকাশ কৰিছিল। আইডিএফে দাবী কৰে যে এই লক্ষ্যসমূহ ক্ষেপণাস্ত্ৰ, ৰকেট, ড্ৰ’ন আদিৰে আক্ৰমণ কৰা হৈছে।

প্ৰত্যক্ষদৰ্শীয়ে তেহৰাণৰ লগতে ৰাজধানীৰ পশ্চিম উপকণ্ঠ অঞ্চল কাৰাজতো শক্তিশালী বিস্ফোৰণৰ বাতৰি প্ৰকাশ কৰিছে। ইয়াৰে এটা শক্তিশালী বিস্ফোৰণ মেহৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত সংঘটিত হয়, যিটো স্থানত আক্ৰমণ খুব কমেইহে সংঘটিত হয়। ইফালে সোমবাৰে সমগ্ৰ ইৰাণত গোটেই দিনটো আমেৰিকা-ইজৰাইলৰ আক্ৰমণত কমেও ৩৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নে উপসাগৰীয় দেশসমূহৰ গুৰুত্বপূৰ্ণ স্থানসমূহক লক্ষ্য কৰি লৈ গৈছে।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ সকীয়াই দিছে যে যদি মঙলবাৰৰ সময়সীমাৰ ভিতৰত হৰমুজ জলদ্বীপ সম্পূৰ্ণৰূপে মুকলি নকৰিলে ঘণ্টাৰ ভিতৰতে ইৰাণৰ বিদ্যুৎ কেন্দ্ৰ আৰু দলং সম্পূৰ্ণৰূপে ধ্বংস হ’ব। ট্ৰাম্পৰ সতৰ্কবাণীৰ মাজতে সোমবাৰে হোৱাইট হাউছে এক বিবৃতিত সকীয়াই দিছে যে “যদি ইৰাণে গুৰুত্বসহকাৰে আলোচনাত লিপ্ত হ’ব নোৱাৰে তেন্তে কাইলৈ নিশা ইয়াক পুনৰ শৈল যুগলৈ পঠিওৱা হ’ব”। হোৱাইট হাউছৰ প্ৰধান উপ-প্ৰেছ সচিব আন্না কেলিয়ে কয় যে ট্ৰাম্পৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দল, য’ত উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স, বিদেশ সচিব মাৰ্কো ৰুবিঅ’, বিশেষ দূত ষ্টিভ উইটকফ আৰু ৰাষ্ট্ৰপতিৰ জোঁৱাই জেৰেড কুছনাৰে আলোচনা আৰম্ভ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande