
বঙাইগাঁও, ০৭ এপ্ৰিল (হি.স.)। বঙাইগাঁৱত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে লগাইছে সাংসদ ফণীভূষণ চৌধুৰীৰ অংকত আউল। ৪০ বছৰীয়া অগপৰ দূৰ্গ বঙাইগাঁও সমষ্টিত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দিতা কৰিছে বিজেপিৰ এগৰাকী সদ্য দলত্যাগী শক্তিশালী নেতা চক্ৰধৰ দাসে ৷ ফুলকবিৰ প্ৰতিক চিহ্ণত নিৰ্বাচনত অৱতীৰ্ণ হোৱা নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে একপ্ৰকাৰ বঙাইগাঁৱত সৃষ্টি কৰিছে ৰাজনৈতিক ধুমুহাৰ ।
ফণীভূষণ চৌধুৰীৰ পৰিয়ালবাদ, একনায়কত্ববাদৰ অৱসান হ'ব নেকি এইবাৰ বঙাইগাঁৱত ,উক্ত প্ৰশ্নটোৱে ভোটাৰ ৰাইজৰ মাজত ক্ৰিয়া কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ