প্ৰধানমন্ত্ৰীৰ ভিয়েটনামৰ নতুন ৰাষ্ট্ৰপতি টু লামক অভিনন্দন
নতুন দিল্লী, ০৭ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ট’লামক ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে নতুন ৰাষ্ট্ৰপতিৰ নেতৃত্বত ভাৰত আৰু ভিয়েটনামৰ মাজত বন্ধুত্ব অধিক শক্তিশাল
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


নতুন দিল্লী, ০৭ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ট’লামক ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে নতুন ৰাষ্ট্ৰপতিৰ নেতৃত্বত ভাৰত আৰু ভিয়েটনামৰ মাজত বন্ধুত্ব অধিক শক্তিশালী হ’ব বুলি আস্থা প্ৰকাশ কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মোদীয়ে লিখিছে যে তেওঁ দুয়োখন দেশৰ আৰু অঞ্চলটোৰ জনসাধাৰণৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে ৰাষ্ট্ৰপতি ট’লামৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী। ভৱিষ্যতে ভাৰত আৰু ভিয়েটনামৰ মাজত সম্পৰ্ক আৰু অধিক মজবুত হ’ব আৰু সহযোগিতাৰ নতুন মাত্ৰা প্ৰতিষ্ঠা হ’ব বুলিও তেওঁ কয়।

মন কৰিবলগীয়া যে ভিয়েটনামৰ ৰাষ্ট্ৰীয় বিধানসভাৰ ১৬ সংখ্যক অধিৱেশনত ২০২৬-২০৩১ চনৰ কাৰ্যকালৰ বাবে সৰ্বসন্মতিক্ৰমে ট’ লাম ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। ৬৯ বছৰীয়া লামে ৫ বছৰ এই পদত অধিষ্ঠিত হ’ব । নিৰ্বাচনৰ পিছতে মঙলবাৰে সংবিধান অনুসৰি শপত গ্ৰহণ কৰি দেশ, জনসাধাৰণ, সংবিধানৰ প্ৰতি সম্পূৰ্ণ আনুগত্যৰে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande