
গোৱালপাৰা, ০৭ এপ্ৰিল (হি.স.)। গোৱালপাৰা জিলাৰ ১৪ নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টিত অসম গণ পৰিষদ (অগপ) দলৰ মনোনীত প্ৰাৰ্থী আব্দুৰ ৰহিম জিব্ৰানৰ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। কৃষ্ণাই খৰিধৰা পাখ্ৰিগুৰি এম এম প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক বিশাল জনসভাত হাজাৰ হাজাৰ লোকৰ সমাগম দেখা যায়।
সভাত অংশ লৈ মন্ত্ৰী গৰাকীয়ে কয় গোৱালপাৰাৰ ৰাইজৰ বৰ্তমানৰ মূল চিন্তা—“উচ্ছেদ” বিষয়টো লৈ চিন্তাৰ কাৰন নাই।। গোৱালপাৰা পূৱ সমষ্টিত কোনো ভাৰতীয় স্থানীয় লোকৰ ওপৰত উচ্ছেদ চলোৱা নহ’ব। খিলঞ্জীয়া হিন্দু আৰু খিলঞ্জীয়া মুছলমান লোকক উচ্ছেদ চলোৱা নহয়। খিলঞ্জীয়া লোক সদায় জনতা পাৰ্টী আৰু অগপৰ সৈতে থাকে। লগতে ৰহিম জিব্ৰান বিপুল ভোটত জয় হব বুলিও কয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা