
যোৰহাট, ০৭ এপ্ৰিল (হি.স.)। যোৰহাটত নিৰ্বাচনী ৰেলীত অংশ লয় কংগ্ৰেছ দলৰ যোৰহাট সমষ্টিৰ মনোনিত প্ৰাৰ্থী গৌৰৱ গগৈয়ে। নিৰ্বাচনী প্ৰচাৰৰ অন্তিমতো দিনত আজি যোৰহাটৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী ৰেলীত অংশ লয় কংগ্ৰেছ দলৰ যোৰহাট সমষ্টিৰ মনোনিত প্ৰাৰ্থী গৌৰৱ গগৈয়ে। গন্ধীয়া গাঁও তিনিআলিৰ পৰা আৰম্ভ হোৱা নিৰ্বাচনী ৰেলী ক্ৰমে হেজাৰী গাওঁ,চিৰতীয়া গাঁও হৈ আগবাঢ়ে।
ৰেলীত অংশ লৈ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনায় কালিলৈ তেখেতে সময় দিলেই ভাগৱত গীতাৰ শপত খাবলৈ প্ৰস্তুত আছো বুলি মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু