খুমটাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰজলিনা টিৰ্কিৰ বাইকত উঠি নিৰ্বাচনী প্ৰচাৰ
গোলাঘাট, ০৭ এপ্ৰিল (হি.স.)। আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰজলিনা টিৰ্কিৰ বাইকত উঠি নিৰ্বাচনী প্ৰচাৰ । অন্তিম দিনটোত খুমটাই সমষ্টিত দেখা গৈছে এক উত্সাহজনক পৰিৱেশ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰজলিনা টিৰ্ক
খুমটাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰজলিনা টিৰ্কিৰ বাইকত উঠি নিৰ্বাচনী প্ৰচাৰ


গোলাঘাট, ০৭ এপ্ৰিল (হি.স.)। আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰজলিনা টিৰ্কিৰ বাইকত উঠি নিৰ্বাচনী প্ৰচাৰ । অন্তিম দিনটোত খুমটাই সমষ্টিত দেখা গৈছে এক উত্সাহজনক পৰিৱেশ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰজলিনা টিৰ্কিয়ে বাইক ৰেলীৰ জৰিয়তে নিজৰ নিৰ্বাচনী প্ৰচাৰ আজি জোৰদাৰ কৰি তুলিছে।

সমৰ্থক সকলৰ বিশাল অংশগ্ৰহণে ৰেলীখন অধিক উৎসাহ জনক কৰি তোলে। দলীয় পতাকা আৰু শ্লোগানেৰে মুখৰিত পৰিৱেশত প্ৰাৰ্থী গৰাকীয়ে জনসাধাৰণৰ মাজত নিজৰ বাৰ্তা পঠিয়াবলৈ চেষ্টা কৰে। এই বাইক ৰেলীয়ে খুমটাই সমষ্টিত নিৰ্বাচনী উত্তেজনা অধিক বৃদ্ধি কৰা বুলি কোৱা হৈছে। বাইকত উঠি ৰজলিনা টিৰ্কিৰ নিৰ্বাচনী প্ৰচাৰ। লেটেকুৰ পৰা বগীজানলৈ নিৰ্বাচনী প্ৰচাৰ চলাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande