
ডিব্ৰুগড়, ০৭ এপ্ৰিল (হি.স.)। আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন । দুলীয়াজান সমষ্টিৰ টিংৰাই চাৰিআলিত পদযাত্ৰা কাৰ্যসূচীত অংশ গ্ৰহণ কৰে বিজেপি দলৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে। বিজেপি প্ৰাৰ্থী গৰাকীৰ দাবী এইবাৰ নিৰ্বাচনত এ ডি এয়ে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব । লগতে তেওঁ বিপুল ভোটত জয়ী কৰিব বুলিও দাবী কৰে ৰামেশ্বৰ তেলীয়ে ।
পদযাত্ৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান তথা বিভিন্ন গৰাকী ভোটাৰ সৈতে প্ৰচাৰ অভিযান চলাই বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা