
কাৰ্বিআংলং, ০৭ এপ্ৰিল (হি.স.)। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি শেষ দিন ৷ আজি শাসক বিৰোধী সকলোৱে সমাবেশ ; সভা পাতি ভোটাৰ ৰাইজক নিজৰ পক্ষত ভোট দিবলৈ আহৱান জনাইছে ৷ ৰাজ্যৰ আন আন বিধানসভা সমষ্টিৰ দৰে ১১০ নং ডিফু বিধানসভা সমষ্টিৰ মূল দল বিজেপি আৰু বিৰোধী মিত্ৰজোঁটৰ এপিএইচএলচি য়ে আজি অন্তিম প্ৰচাৰ চলাই ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰে ৷
বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি ডিফু নগৰত দলটোৰ প্ৰাৰ্থী নিচ তেৰাংপীৰ হৈ প্ৰচাৰ চলায় ৷ সাংসদ অমৰছিং তিচ’ই সংগ দিয়া অন্তিম প্ৰচাৰ সভাখনত অৱশ্যে যি দৰে বজাৰৰ মাজত ভোটাৰ জনতাৰ ভিৰ হ’ব লাগিছিল সেয়া নোহোৱা বুলি চৰ্চা চলিছে ৷ উন্নয়নৰ বাবে জনতাই পুণৰ বিজেপি দলক ভোট দিব বুলি দাবী কৰি দিলীপ শইকীয়াই কয় যে পাহাৰৰ সকলো আসনেই বিজেপি দলে দখল কৰিব ৷
আনহাতে কংগ্ৰেছ আৰু এপিএইচএলচি দলে দলটোৰ প্ৰাৰ্থী জনচ্ ইংতি কাথাৰৰ হৈ ডিফুৰ পাঁচ মাইলত এক বিশাল ৰেলীৰ আয়োজন কৰে ৷
কংগ্ৰেছ দলৰ বোকাজানৰ প্ৰাৰ্থী ৰতন ইংতিয়েও অংশগ্ৰহণ কৰা জনসভাত তেওঁ বিজেপি দল আৰু চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ দুৰ্নীতি আৰু ৰাহুল গান্ধীয়ে বোকাজানৰ জনসভাত স্বায়ত্ত্বশাসিত ৰাজ্য দিয়াৰ যি প্ৰতিশ্ৰুতি সেয়াও তেওঁ দোহাৰে ৷
জিলা কংগ্ৰেছৰ সভাপতি তথা বোকাজানৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিয়ে সংবাদ মাধ্যমৰ আগত কয় যে বোকাজানত ৰাইজে বিচৰা প্ৰাৰ্থীক বিজেপি দলে প্ৰাৰ্থীত্ব নিদিয়াত বাবে তেওঁৰ সুবিধা হৈছে ৷ বিৰোধী দলৰ প্ৰাৰ্থীৰ সপক্ষে ৰাইজক ভোটদান কৰিবলৈ আহৱান জনায় তেওঁ কয় যে বোকাজানত ৰাহুল গান্ধীয়ে যিটো মিচাইল ফুটাই গ’ল সেই মিছাইলৰ আঘাতত আজি পাহাৰত বিজেপি বিধ্বস্ত ৷ আনহাতে দিলীপ শইকীয়াক কটাক্ষ কৰি তেওঁ কয় যে আজি ডিফু বজাৰত হোৱা বিজেপি দলৰ মিটিঙত ১৫০ মান মানুহ আছে ৷ আমি বজাৰত গৈ এনেয়ে ৰৈ থাকিলেই হাজাৰ ,পাঁচশ লোক হয় ৷
জনসভাত ষষ্ঠ অনুসুচীৰ ক্ষমতা ৰক্ষা কৰা ; দুৰ্নীতি বন্ধ কৰা ; খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে জে আই কাথাৰে ৷ সংবাদ মাধ্যমৰ আগত তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰি কয় যে আজিৰ সভাত কাৰবি ; ডিমাছা আজি জনজাতিৰ উপৰি খিলঞ্জীয়া অসমীয়া ; আদিবাসী ; গোৰ্খা ; আনকি বঙালী লোকো আহিছে বুলি কয় ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা