ধেমাজিৰ ৰাজপথত ২.৫০ লাখ টকা জব্দ
ধেমাজি, ০৭ এপ্ৰিল (হি.স.)। নিৰ্বাচনৰ প্ৰাকক্ষণত ধেমাজিৰ ৰাজপথত নিৰ্বাচনী নিৰিক্ষণ দলে তালাচী চলাই ২.৫০ লাখ টকা জব্দ কৰিব সক্ষম হয় ৷ অনন্ত দত্ত নামৰ এজন ব্যৱসায়ীৰ পৰা জব্দ কৰে টকাখিনি ৷ চিলাপথাৰৰ পৰা ধেমাজিৰ দিশে আহি থকা অৱস্থাত মৰিধল চেকিং পইন্টত
ধেমাজিৰ ৰাজপথত ২.৫০ লাখ টকা জব্দ


ধেমাজি, ০৭ এপ্ৰিল (হি.স.)। নিৰ্বাচনৰ প্ৰাকক্ষণত ধেমাজিৰ ৰাজপথত নিৰ্বাচনী নিৰিক্ষণ দলে তালাচী চলাই ২.৫০ লাখ টকা জব্দ কৰিব সক্ষম হয় ৷ অনন্ত দত্ত নামৰ এজন ব্যৱসায়ীৰ পৰা জব্দ কৰে টকাখিনি ৷ চিলাপথাৰৰ পৰা ধেমাজিৰ দিশে আহি থকা অৱস্থাত মৰিধল চেকিং পইন্টত চলোৱা তালাচিত জব্দ টকাখিনি ৷

অসমত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিছত নিৰ্বাচন আয়োগে ৫০ হাজাৰ টকাৰ অধিক নগদ ধন সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰিছিল। নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞা উলংঘা কৰাৰ অপৰাধত অসমৰ বিভিন্ন জিলাত ইতিমধ্য়ে এক কোটি টকাৰ অধিক জব্দ কৰা হৈছে।এইদৰে জব্দ কৰা ধন সমূহ প্ৰশাসনে উপযুক্ত তদন্তৰ বাবে আয়কৰ বিভাগক জমা দিয়ে

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande