চামগুৰিত কংগ্ৰেছৰ সভালৈ যোৱা বাহন দুৰ্ঘটনাত পতিত, আহত কেইবা গৰাকী সমৰ্থক
নগাঁও, ০৭ এপ্ৰিল (হি.স.)। কংগ্ৰেছৰ সভালৈ যোৱা বাহন দুৰ্ঘটনাত পতিত। আহত কেইবা গৰাকী সমৰ্থক। চামগুৰি সমষ্টিৰ মূৰীপুথিখাইতীত দুৰ্ঘটনাত পতিত হয় বাহন খন। কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ অন্তিমখন ৰেলিত অংশগ্ৰহণ কৰিবলৈ গৈছিল বাহনখন। ডিজে বজাই কাৱৈমাৰীত কং
চামগুৰিত কংগ্ৰেছৰ সভালৈ যোৱা বাহন দুৰ্ঘটনাত পতিত, আহত কেইবা গৰাকী সমৰ্থক


নগাঁও, ০৭ এপ্ৰিল (হি.স.)। কংগ্ৰেছৰ সভালৈ যোৱা বাহন দুৰ্ঘটনাত পতিত। আহত কেইবা গৰাকী সমৰ্থক। চামগুৰি সমষ্টিৰ মূৰীপুথিখাইতীত দুৰ্ঘটনাত পতিত হয় বাহন খন। কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ অন্তিমখন ৰেলিত অংশগ্ৰহণ কৰিবলৈ গৈছিল বাহনখন। ডিজে বজাই কাৱৈমাৰীত কংগ্ৰেছ সভালৈ যোৱাৰ পথত মূৰীপুথিখাইতীত দুৰ্ঘটনাত পতিত হয় বাহন খন।

দুৰ্ঘটনাত পতিত হোৱা বাহন খনৰ নম্বৰ হৈছে এএছ ০২ডিচি ৪২৩৯। আহত সকলক ততাতৈয়াকৈ কাৱৈমাৰী এফ আৰ ইউ হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande