

নতুন দিল্লী, ০৭ এপ্ৰিল (হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মঙলবাৰে ভাৰত মণ্ডপমত দ্বাদশ ইণ্ডিয়া ৰবৰ এক্সপ’ উদ্বোধন কৰে । ভাৰত আৰু বহিঃৰাজ্যৰ সকলো প্ৰতিনিধিক উষ্ম আদৰণি জনায়। চীনকে ধৰি ১৪খনতকৈও অধিক দেশৰ অংশগ্ৰহণ আকৰ্ষণ কৰা এই এক্সপ’ত আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতৰ আগশাৰীৰ ৰবৰ উদ্যোগসমূহে অংশগ্ৰহণ কৰিছে । অল ইণ্ডিয়া ৰবৰ ইণ্ডাষ্ট্ৰীজ এছ’চিয়েশ্যনে অহা ৭-১০ এপ্ৰিললৈ আয়োজন কৰা এই এক্সপ’ এছিয়াৰ সৰ্ববৃহৎ ৰবৰ উদ্যোগৰ অনুষ্ঠান ।
ছচিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতই ভাৰতক শক্তিশালী উৎপাদনকাৰী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে । তেওঁ লগতে কয় যে ৰবৰ উদ্যোগ এই উদীয়মান শক্তিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে । আজি ভাৰতে অসামৰিক পাৰমাণৱিক কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰিছে । দেশখনৰ বৈজ্ঞানিক সামৰ্থ্য, আত্মনিৰ্ভৰশীলতা, আৰু বিশ্ব নেতৃত্বৰ সন্ধানত বৃদ্ধি পোৱা আত্মবিশ্বাসক প্ৰতিফলিত কৰি এইটো এক ঐতিহাসিক কৃতিত্ব ।
মুখ্যমন্ত্রী গুপ্তাই কয় যে কেন্দ্রীয় চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাই উদ্যোগটোক নতুন গতি প্ৰদান কৰিছে আৰু দিল্লী চৰকাৰে বিনিয়োগ, উদ্ভাৱন আৰু উদ্যোগ অনুকূল পৰিৱেশ শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া