
দৰং, ০৭ এপ্ৰিল (হি.স.): দৰং জিলাৰ মঙলদৈত যোৱা কালি সোমবাৰে সন্ধিয়া সংঘটিত হয় নিৰ্বাচনী হিংসাৰ ঘটনা । কংগ্ৰেছ কৰ্মীৰ প্ৰহাৰত আহত হয় বিজেপি কৰ্মী । ধৰ্মীয় সংখ্যালঘু লোক হৈ বিজেপি ক সমৰ্থন কৰাটোৱেই অপৰাধ হল ইমদাদুল হক নামৰ বিজেপি কৰ্মীজনৰ ।কংগ্ৰেছ কৰ্মী ছহিদল ইছলামে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
উল্লেখ্য় যে মঙলদৈ অধিকাৰী গাঁৱত সোমবাৰে বিজেপিৰ প্ৰাৰ্থী নীলিমা দেৱীৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰিছিল । ইমদাদুল হকে উক্ত সভাখনৰ বেনাৰ পোষ্টাৰ লগাই থকা সময়তে ছহিদল ইছলাম নামৰ লোক এজনে আহি আক্ৰমণ কৰে। উল্লেখযোগ্য যে আহত ইমদাদুল হক দৰং জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ উপ সভাপতি । ইতিমধ্যে মঙলদৈ আৰক্ষী থানাত ইমদাদুলে এজাহাৰ দাখিল কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ