
ধুবুৰী, ০৭ এপ্ৰিল (হি.স.)। বিলাসীপাৰাত এনডিএৰ সমৰ্থিত মিত্রজোটৰ প্রার্থী জীৱেশ ৰায়ৰ অন্তিম কাৰ্যসূচীৰ বিশাল বাইক ৰেলী । নিৰ্বাচনলৈ হাতত মাত্র এটা দিন হে বাকী। নিৰ্বাচনৰ অন্তিমটো প্রচাৰত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী সকলো পক্ষৰ লোক। অনুৰূপ ভাবে বিলাসীপাৰাতো দেখা পোৱা গল এনডিএৰ সমৰ্থিত মিত্রজোট প্রার্থী জীৱেশ ৰায়ৰ অন্তিম কাৰ্যসূচীৰ বিশাল বাইক ৰেলী।
প্রায় এক সহস্ৰাধিক বাইক আৰু অর্ধ শতাধিক চাৰিচকীয়া বাহনেৰে হেজাৰ হেজাৰ লোকৰ সহযোগত উলিওৱা হয় এই বৃহৎ বাইক ৰেলী। ১০ নং বিলাসীপাৰা সমষ্টিৰ বহলপুৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা সমষ্টিটোৰ চুকে কোনে ৰাইজৰ লগত মিলিত হৈ প্রায় ৪৫ কিলোমিটাৰ যাত্ৰাৰ অন্তত ফুটকিবাৰীত অন্ত পৰিব। জীৱেশ ৰায়ে উলিওৱা এই বিশাল বাইক ৰেলীৰ যোগেদি সকলো স্তৰৰ লোকৰ মূল্যবান ভোটৰ কামনা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ