
চিৰাং, ০৭ এপ্ৰিল (হি.স.)। বিজনীৰ ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী নীলাঞ্জনা চক্ৰৱৰ্তীৰ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত নিৰ্বাচন পৰিচালনা কমিটিৰ কাৰ্যালয়ত সমৰ্থকৰ উপস্থিতিত চলায় নিৰ্বাচনী প্ৰচাৰ কাৰ্য। এইবাৰ বিবেক ভোট হ'ব। আমি আশাবাদী, ৰাইজে মৰম দিছে, ৰাইজে আদৰি লৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰাৰ্থী নীলাঞ্জনা চক্ৰৱৰ্তীৰ।
তেওঁ কয় যে গ্ৰাউণ্ড লেবেলৰ একেবাৰে তললৈ গৈছোঁ, একেবাৰে তলৰ কৰ্মী জনৰ ওচৰলৈ গৈছোঁ। এইবাৰ টাফ হৈছে।কোনে জিকিব ক'ব নোৱাৰে।ভাল প্ৰতিদ্বন্দিতা হ'ব।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু