পদযাত্ৰাৰে সামৰণি পৰিল ৰঙাপৰা বিজেপিৰ প্ৰাৰ্থী কৃষ্ণকমল তাঁতীৰ নিৰ্বাচনী প্ৰচাৰ
শোণিতপুৰ, ০৭এপ্ৰিল (হি.স.)। পদযাত্ৰাৰে সামৰণি পৰিল ৰঙাপৰা বিজেপিৰ প্ৰাৰ্থী কৃষ্ণকমল তাঁতীৰ নিৰ্বাচনী প্ৰচাৰ। আজি সামৰণি পৰিল ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান । প্ৰচাৰ অভিযানৰ অন্তিম দিনা আজি ৰঙাপৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীয়ে
পদযাত্ৰাৰে সামৰণি পৰিল ৰঙাপৰা বিজেপিৰ প্ৰাৰ্থী কৃষ্ণকমল তাঁতীৰ নিৰ্বাচনী প্ৰচাৰ


শোণিতপুৰ, ০৭এপ্ৰিল (হি.স.)। পদযাত্ৰাৰে সামৰণি পৰিল ৰঙাপৰা বিজেপিৰ প্ৰাৰ্থী কৃষ্ণকমল তাঁতীৰ নিৰ্বাচনী প্ৰচাৰ। আজি সামৰণি পৰিল ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান । প্ৰচাৰ অভিযানৰ অন্তিম দিনা আজি ৰঙাপৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীয়ে সমষ্টিৰ নিজৰ সমৰ্থনত ৰঙাপৰা নগৰত এক বিশাল পদযাত্ৰা উলিওৱা হয় ।

পদযাত্ৰাত অংশগ্ৰহণকাৰী সকলে হাতে-হাতে দলীয় পতাকা লৈ বিজেপি জিন্দাবাদ, কৃষ্ণ কমল তাঁতী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ইত্যাদি বিভিন্ন শ্লোগান দিয়ে । পদযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰাৰ্থী গৰাকীয়ে কয় যে ৰাইজে অনাগত নিৰ্বাচনত তেখেতক বিপুল ভোটত জয়যুক্ত কৰাব । ৰাইজ উন্নয়নৰ স্বাৰ্থত বিজেপিকে ভোট দিব ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande