
নতুন দিল্লী, ০৭ এপ্ৰিল (হি.স.)। বৈশাখী উপলক্ষে চলিত বৰ্ষত পাকিস্তানে ২৮০০ৰো অধিক ভাৰতীয় তীৰ্থযাত্ৰীক ভিছা প্ৰদান কৰিছে।
দিল্লীত থকা পাকিস্তান উচ্চায়ুক্তই মঙলবাৰে প্ৰকাশ কৰা অনুসৰি বৈছাখী উপলক্ষে ভাৰতৰ পৰা অহা ২৮০০ৰো অধিক তীৰ্থযাত্ৰীক ভিছা প্ৰদান কৰা হৈছে, যাৰ ফলত ২০২৬ চনৰ ১০ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈকে পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰিব পাৰিব।
মন কৰিবলগীয়া যে প্ৰতি বছৰে খালছা সাজনা দিৱস বা বৈশাখীৰ পবিত্ৰ উপলক্ষে ভাৰতৰ পৰা শিখ তীৰ্থযাত্ৰীৰ দলে পাকিস্তানৰ ঐতিহাসিক গুৰদ্বাৰা ভ্ৰমণ কৰে। এই তীৰ্থযাত্ৰাৰ আয়োজন কৰে শিৰোমণি গুৰদ্বাৰা প্ৰবন্ধক সমিতিৰ দ্বাৰা, যিয়ে তীৰ্থযাত্ৰীসকলৰ ভ্ৰমণ আৰু ব্যৱস্থাৰ সমন্বয় কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া