নিজম পৰিল বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান
গুৱাহাটী, ০৭ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । অহা ৯ এপ্ৰিল বৃহস্পতিবাৰে অসমত গ্ৰহণ কৰা হ’ব ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। এই উপলক্ষে ৰাজ্যজুৰি তু
প্ৰচাৰ অভিযান


গুৱাহাটী, ০৭ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । অহা ৯ এপ্ৰিল বৃহস্পতিবাৰে অসমত গ্ৰহণ কৰা হ’ব ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। এই উপলক্ষে ৰাজ্যজুৰি তুংগত উঠা নিৰ্বাচনী প্ৰচাৰ অভিযানৰ নিৰ্ধাৰিত ভোটগ্ৰহণ সমাপ্তিৰ ৪৮ ঘণ্টা আগতে আজি মঙলবাৰে বিয়লি ৫ বজাত সামৰণি পৰে। নিৰ্বাচন আয়োগে জাৰি কৰা বিবৃত্তি অনুসৰি অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন উপলক্ষে ৰাজ্যৰ সকলো বিধানসভা সমষ্টিৰ বাবে নীৰৱতাৰ সময় ৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হৈছে । এই নীৰৱতাৰ কালছোৱাত ৰাজহুৱা সভা, শোভাযাত্ৰা তথা আন আন প্ৰচাৰমূলক কাৰ্যসূচীকে ধৰি সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । প্ৰচাৰ অভিযানৰ অন্তিম দিনা ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে নিজৰ শক্তি প্ৰদৰ্শনত নামি পৰে প্ৰতিটো ৰাজনৈতিক দল। প্ৰায় প্ৰতিটো সমষ্টিতে প্ৰাৰ্থীসকলে আকৰ্ষণীয় বিশাল সমদল বাহিৰ কৰি এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে। অৱশ্যে বিয়লিৰ ভাগত অহা এজাক বৰষুণে ঠায়ে ঠায়ে ম্লান কৰি তোলে প্ৰচাৰ অভিযান।

উল্লেখ্য যে ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ সামৰণি মাৰিছে । কোনো প্ৰাৰ্থীয়ে যদি বাইক তথা ই-ৰিক্সা ৰেলী কৰিছে, আন কোনো প্ৰাৰ্থীয়ে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে । ৰাজ্যৰ আন আন সমষ্টিৰ দৰে গুৱাহাটী মহানগৰীৰ পাঁচটা সমষ্টিতো প্ৰাৰ্থীসকলে অন্তিম প্ৰচাৰ চলায় । দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে মানৱেন্দ্ৰ শৰ্মা কম্প্লেক্সৰ পৰা ৰোড শ্ব' আৰম্ভ কৰে । তেওঁক সংগ দিয়ে এআইচিচিৰৰ তত্ত্বাবধায়ক কানহাইয়া কুমাৰে । আনহাতে মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীয়ে মাছখোৱাৰ পৰা আৰম্ভ কৰা ৰেলী শান্তিপুৰত সামৰণি পৰে । মধ্য গুৱাহাটী বিজেপি প্ৰাৰ্থী বিজয় গুপ্তায়ো সমৰ্থকক লগত লৈ ৰেলী উলিয়ায় । তেওঁ কয়, আজি অন্তিম দিন । আমাৰ কাৰণে খুব ভাল দিন । জনতা আমাৰ লগত আছে । ৰাইজৰ মৰম-আশীৰ্বাদ আছে । কৰ্মকৰ্তা আজি প্ৰফুল্লিত । মোৰ কোনো প্ৰত্যাহ্বান নাই, আমি জিকি আছো ।

প্ৰণিধানযোগ্য যে ষষ্ঠদশ অসম বিধানসভা নিৰ্বাচনৰ বাবে শাসক তথা বিৰোধীয়ে ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ জোৰদাৰ প্ৰচাৰ অভিযান চলাই গৈছিল। দিনে নিশাই অব্যাহত আছিল এই প্ৰচাৰ অভিযান। এইক্ষেত্ৰত শাসকীয় বিজেপি দলটোৱে একেৰাহে তৃতীয়বাৰলৈ ক্ষমতা হস্তগত কৰিবলৈ ব্যাপক প্ৰচাৰ কাৰ্য চলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী জে পি নড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা তাৰকা প্ৰচাৰকসকলে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ জোৰদাৰ প্ৰচাৰ চলায়। নির্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত হাইলাকান্দি আৰু শ্ৰীভূমিত অনুষ্ঠিত একাধিক সভাত অংশগ্ৰহণ কৰি অমিত শ্বাহে বিজেপি প্ৰাৰ্থীসকলৰ পক্ষত ব্যাপক প্ৰচাৰ চলায়। তেওঁ হাইলাকান্দিত ডা. মিলন দাসৰ সমৰ্থনত এখন জনসভাত অংশ লয় আৰু পাছত শিলচৰত ডা. ৰাজদীপ ৰয় আৰু উদাৰবন্ধত ৰাজদীপ গোৱালাৰ পক্ষত প্ৰচাৰ চলায়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি সোমবাৰে বৰপেটা, হোজাই আৰু ডিব্ৰুগড়কে ধৰি তিনিখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। মন কৰিবলগীযা যে প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে বিগত ১ এপ্ৰিলত অসমলৈ আহি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ধেমাজিৰ গোগামুখ আৰু বিশ্বনাথৰ বিহালীত অনুষ্ঠিত দুখনকৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাইছিল ৷

একেদৰে কংগ্ৰেছ দলৰ হৈ দলটোৰ পূৰ্বৰ সভাপতি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেকে ধৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলে ব্যাপক প্ৰচাৰ অভিযান চলায়। একেদৰে সংখ্যালঘূ ভোটাৰক একত্ৰিত কৰি ৰাখিবলৈ অসমত এআইএমএম দলৰ সভাপতি আছাদুদ্দিন ওৱেইছিয়েও নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰ ৰাইজক আকৃষ্ট কৰে। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে দেওবাৰৰ পৰা অসমৰ ৰাজনীতিত দুটা নাম আটাইতকৈ চৰ্চিত হৈ পৰে । সেই দুটা হৈছে কংগ্ৰেছ নেতা পৱন খেৰা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নাম । কংগ্ৰেছ নেতা পৱন খেৰাই সংবাদ মাধ্যমত ৰিণিকি ভূঞাৰ একাধিক পাৰ্ছপ'ৰ্টৰ তথ্য দাঙি ধৰাৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়। মন কৰিবলগীয়া যে কংগ্ৰেছ দলে অভিযোগ কৰিছিল যে ৰিনিকি ভূঞা শৰ্মাই ইউ এ ই, ইজিপ্ত, এন্টিগুয়াত নাগৰিকত্ব লাভ কৰিছে আৰু আমেৰিকা আৰু উপসাগৰীয় দেশত অবৈধ সম্পত্তিৰ মালিক। অৱশ্যে এই অভিযোগবোৰক ইচ্ছাকৃত অপপ্ৰচাৰ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে নাকচ কৰিছিল। আনকি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাই কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰাৰ অভিযোগত ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিছে ।

উল্লেখ্য যে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ঘোষণা কৰা অসমৰ নিৰ্বাচনী সূচী অনুসৰি ১৬ মাৰ্চত গেজেট অধিসূচনা জাৰি কৰা হৈছিল। আৰু ইয়াৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হয়। মনোনয়নৰ শেষ তাৰিখ আছিল ২৩ মাৰ্চ। মনোনয়ন পত্ৰৰ পৰীক্ষা ২৪ মাৰ্চত কৰাৰ বিপৰীতে প্ৰত্যাহাৰৰ শেষ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল ২৬ মাৰ্চ। ইফালে ৯ এপ্ৰিলত এটা পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব আৰু ভোট গণনা ৪ মে’ত সম্পন্ন হ’ব।

ষষ্ঠদশ অসম বিধানসভাৰ বাবে ৭২২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ৬৬৩ গৰাকী আৰু মহিলা প্ৰাৰ্থীৰ সংখ্যা ৫৯ গৰাকী । উল্লেখযোগ্য যে, অসমত মুঠ ৮১৫গৰাকী প্ৰাৰ্থীয়ে ১২৬টা সমষ্টিত ১,৩৮৯খন মনোনয়ন পত্ৰ দাখিল কৰিছিল। মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পন্ন হোৱাৰ পিছত ৭৮৯গৰাকী প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে যোগ্য বুলি বিবেচিত হৈছিল। এই ৭৮৯গৰাকী বৈধ প্ৰাৰ্থীৰ ভিতৰত ৬৭ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে। যাৰ ফলত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লগা প্ৰাৰ্থীৰ সংখ্যা ৭২২ গৰাকী হয়গৈ ।

দল হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বাধিক ৯৯ খন আসনত আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ৯০ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। একেদৰে আম আদমী পাৰ্টীয়ে ১৮ খন আসন, চিপিআই (এম) দলে ২ খন, অসম গণ পৰিষদে ২৬ খন, এ আই ইউ ডি এফ দলে ৩০ খন, বি পি এফে ১১ খন, ইউ পি পি এল দলে ১৮ খন, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকে ২ খন, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে ২২ খন, অপনী জনতা পাৰ্টীয়ে ২ খন, অসম জাতীয় পৰিষদে ১০ খন, ভাৰতীয় গণ পৰিষদে ৪ খন, চি পি আই দলে ৩ খন, চি পি আই (এম এল) দলে ৩ খন, গণ সুৰক্ষা পাৰ্টীয়ে ১০ খন, গোণ্ডৱানা গণতন্ত্ৰ পাৰ্টীয়ে ৩ খন, ঝাৰখণ্ড মুক্তি মৰ্চাই ১৬ খন, নেচনেল পিপলছ পাৰ্টী ২ খন, ৰাইজৰ দলে ১৩ খন, ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে ১০ খন, ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া (আঠৱালে)ই ৪ খন, ৰিভ’লিউশ্যনেৰী কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (ৰসিক ভট্ট)ই এখন, ছ’চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ই ৪১ খন, দ্য নেশ্যনেল ৰোড মেপ পাৰ্টী অৱ ইণ্ডিয়াই ২ খন, বিকাশ ইণ্ডিয়া পাৰ্টীয়ে ৫ খন আৰু ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলে ১৭ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ষষ্ঠদশ অসম বিধানসভাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ২৫৮ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীও আছে। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বৰ ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপি, অগপ আৰু ইউপিপিএল দলে এনডিএ মিত্ৰজোঁটৰ অংশীদাৰৰূপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। অৱশ্যে এইবাৰ ইউপিপিএল দল এই মিত্ৰজোঁটৰ অংশীদাৰ হোৱা নাই । ইয়াৰ পৰিৱৰ্তে বিপিএফ দলে এনডিএ মিত্ৰজোঁটৰ অংশীদাৰৰূপে বুজাবুজিৰে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে। আনফালে যোৱাবাৰ কংগ্ৰেছে, এআইইউডিএফ আৰু চিপিআইএম দলে মিত্ৰতাৰে মহাজোঁট গঠন কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এইবাৰ এআইইউডিএফ দলে কোনো ধৰণৰ মিত্ৰতাত অৱতীৰ্ণ হোৱা নাই। এইবাৰ কংগ্ৰেছ মহাজোঁটে অখিল গগৈৰ ৰাইজৰ দল আৰু লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ সৈতে নিৰ্বাচনী বুজাবুজি কৰিছে।

প্ৰতিদ্বন্দ্বিতা কৰা মুখ্য প্ৰাৰ্থীসকলৰ ভিতৰত ৩৭ নং জালুকবাৰী সমষ্টিত বিজেপিৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৩৩ নং দিছপুৰত প্ৰদ্যুত বৰদলৈ, ৩৫ নং নতুন গুৱাহাটী দীপ্লু ৰঞ্জন শৰ্মা, ৩৬ নং গুৱাহাটী চেণ্ট্ৰেল বিজয় কুমাৰ গুপ্তা, ৩৮ নং বৰক্ষেত্ৰীত নাৰায়ণ ডেকা, ৩৯ নং নলবাৰীত জয়ন্ত মল্ল বৰুৱা, ৪০ নং টিহু সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰী, ৪৩ নং তামুলপুৰ (এছ টি)ত বিশ্বজিৎ দৈমাৰী, ৪৯ নং ছিপাঝাৰত ড° পৰমানন্দ ৰাজবংশী, ৬৫ নং ঢেকিয়াজুলিত অশোক সিংঘাল, ৬৯ নং ন-দুৱাৰ সমষ্টিত পদ্ম হাজৰিকা, ৮৮ নং ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, ১০৩ নং গোলাঘাট সমষ্টিত অজন্তা নেওগে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। একেদৰে কংগ্ৰেছৰ তৰফৰ পৰা ১০০ নং যোৰহাটত গৌৰৱ গগৈ, ৩৩ নং দিশপুৰত মীৰা বৰঠাকুৰ, ৯৭ নং নাজিৰাত দেৱব্ৰত শইকীয়া, ৫৬নং ৰূপহীহাটত নুৰুল হুছেইন, ৬৬ নং বৰচলাত ৰিপুন বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইফালে এ আই ইউ ডি এফৰ প্ৰাৰ্থী তালিকা অনুসৰি ৫৬নং ৰূপহীহাট সমষ্টি : আমিনুল ইছলাম (পূৰ্বৰ ধিং সমষ্টিৰ বিধায়ক), ২২নং মন্দিয়া সমষ্টিত ৰফিকুল ইছলাম (জনীয়াৰ বিধায়ক), ২৫নং পাকা বেতবাৰী সমষ্টিত মিনাক্ষী ৰহমান, ৫নং পৰ্বতঝোৰা সমষ্টিত আবু তাহেৰ বেপাৰী, ৭নং গৌৰীপুৰ সমষ্টিত নিজানুৰ ৰহমান, ১৭নং সৃজনগ্ৰাম সমষ্টিত ৰেজাউল কৰিম সৰকাৰে টিকট লাভ কৰিছে। অগপৰ প্ৰাৰ্থী তালিকা অনুসৰি ১০৫ নং বোকাখাতত অতুল বৰা, ৫৭ নং কলিয়াবৰত কেশৱ মহন্ত, ১৮ নং বঙাইগাঁৱত দিপ্তীময়ী চৌধুৰী, ২৪ নং বৰপেটাত দীপক কুমাৰ দাস, ৩৪ নং ডিমৰীয়াত ড৹ তপন দাস, ৬৭ নং তেজপুৰত পৃথ্বীৰাজ ৰাভা, ২৬ নং বজালীত ধৰ্মেশ্বৰ ৰায়, ৩০ নং হাজো-শুৱালকুছিত প্ৰকাশ চন্দ্ৰ দাস, ৯৬ নং শিৱসাগৰত প্ৰদীপ হাজৰিকাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। একেদৰে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে ২২ নং মন্দিয়া সমষ্টিৰ পৰা শ্বেৰমান আলী আহমেদে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৮৯ নং খোৱাং বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

উল্লেখ্য যে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ভিতৰত সমষ্টিভিত্তিক সৰ্বাধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিৰ সংখ্যা হৈছে দুটা । সেয়া হৈছে ১২২ নং আলগাপুৰ-কাটলিচেৰা আৰু ১২৪ নং দক্ষিণ কৰিমগঞ্জ । এই দুয়োটা সমষ্টিতে ১৫ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । একেদৰে সৰ্বনিম্ন প্ৰাৰ্থী থকা সমষ্টিৰ সংখ্যা হৈছে ৯ টা । এই কেইটা সমষ্টিৰ প্ৰতিটোতে মাত্ৰ ২ গৰাকীকৈ প্ৰাৰ্থীয়েহে প্ৰতিদ্বন্দ্বিতা কৰিছে । এই সমষ্টিকেইটা হৈছে- ৩১ নং ৰঙিয়া, ৫২ নং জাগীৰোড (অনুসূচিত জাতি), ৬৩ নং হোজাই, ৬৯ নং নদুৱাৰ, ৮০ নং জোনাই (অনুসূচিত জনজাতি), ৮২ নং ডুমডুমা, ৯৪ নং মাহমৰা, ৯৯ নং টীয়ক আৰু ১১৪ নং লখিমপুৰ সমষ্টি ।

ইফালে অসমত সুকলমে ভোটগ্ৰহণ সম্পন্ন কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে। ৰাজ্যিক আৰক্ষীৰ সমান্তৰালকৈ নিৰ্বাচনৰ বাবে অসমত দুশৰো অধিক কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ কোম্পানী অনা হৈছে। ইতিমধ্যে বিভিন্ন জিলাই জিলাই পদযাত্ৰা কৰি নিৰাপত্তা বাহিনীয়ে সুৰক্ষা ব্যৱস্থা সৱল কৰি তুলিছে। সমান্তৰালকৈ নিৰ্বাচন আয়োগেও বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছে। ইতিমধ্যে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৬ ত ব্যৱহাৰ হ’বলগীয়া ইলেক্ট্ৰ’নিক ভোটিং মেচিন(EVM) সমূহত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীক চিহ্ন সন্নিবিষ্ট কৰাৰ গুৰুত্বপূৰ্ণ কাম ৰাজ্যৰ সমগ্ৰ ১২৬ টা বিধানসভা সমষ্টিতে সফলভাৱে সম্পন্ন কৰা হৈছে । ই প্ৰক্ৰিয়া চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈকে সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াসকলে নিৰ্ধাৰিত কৰা স্থানসমূহত সম্পন্ন কৰা হৈছে । নিৰ্বাচন আয়োগৰ নিৰ্দেশনাসমূহ অনুসৰণ কৰি সম্পূৰ্ণ স্বচ্ছতাৰে এই প্ৰক্ৰিয়া প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকল অথবা তেওঁলোকৰ অনুমতিপ্ৰাপ্ত প্ৰতিনিধিসকলৰ উপস্থিতিত সম্পন্ন কৰা হৈছে ৷

নিৰ্বাচন আয়োগৰ নিৰ্দেশনাসমূহ অনুসৰণ কৰি মেচিনসমূহৰ যথাৰ্থতা, নিৰ্ভৰযোগ্যতা আৰু উপযুক্ত বিন্যাস নিশ্চিত কৰাৰ বাবে ইলেক্ট্ৰ’নিকছ কৰ্প’ৰেশ্ব্যন অৱ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা অনুমোদিত অভিযন্তা আৰু কাৰিকৰী কৰ্মচাৰীসকলৰ সহায়ত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে । মুঠ ৪১,৩২০ টা বেলট ইউনিট, ৪৩,৯৭৫ টা কণ্ট্ৰ’ল ইউনিট আৰু ৪৩,৯৯৭ টা ভিভিপিএটি ইউনিটত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীক চিহ্ন সন্নিবিষ্ট কৰা হৈছে ।

অসমৰ মুঠ ১২৬ টা সমষ্টিৰ ভিতৰত ৯৮ টা সাধাৰণ শ্ৰেণীৰ হোৱাৰ বিপৰীতে ৯ সমষ্টি অনুসূচিত জাতি আৰু ১৯ টা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। অসমত আছে মুঠ ১৯টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি। সেইকেইটা বিধানসভা সমষ্টি ক্ৰমে- দতমা, কোকৰাঝাৰ, গোৱালপাৰা পশ্চিম, দুধনৈ, চিদলী-চিৰাং, বোকো-ছয়গাঁও, বাক্সা, তামুলপুৰ, ওদালগুৰি, ঢকুৱাখনা, ধেমাজি, জোনাই, মাজুলী, বোকাজান, হাওৰাঘাট, ডিফু, ৰংখাং, আমৰি আৰু হাফলং। আনহাতে, অসমত আছে ৯টা অনুসূচিত জাতিৰ সংৰক্ষিত বিধানসভা সমষ্টি। এই কেইটা সমষ্টি ক্ৰমে- বৰপেটা, হাজো-শুৱালকুচি, ডিমৰীয়া, ৰহা, বিহালী, নাওবৈচা, ধলাই আৰু ৰামকৃষ্ণ নগৰ। ইয়াৰ বাহিৰে ৰাজ্যৰ ৯৮টা সমষ্টি অসংৰক্ষিত।

উল্লেখযোগ্য যে, অসমৰ ১২৬টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২ কোটি ৫০ লাখ ২১ হাজাৰ ৪১৩গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১ কোটি ২৫ লাখ ১৬ হাজাৰ ৫৯১গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ১ কোটি ২৫ লাখ ৪হাজাৰ ৫০১গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৩২১গৰাকী।

ইফালে, অসমৰ ভোটাৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে ১ লাখ ৬৪ হাজাৰ ৪৮ গৰাকীক আৰু নাম কৰ্তন কৰা হৈছে ১ লাখ ৭৭৪গৰাকীক। আনহাতে, অসমত ১৮-১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা ৬ লাখ ২৮ হাজাৰ ৯৩গৰাকী, ৮৫ বছৰৰ উৰ্ধৰ ভোটাৰ ১ লাখ ২ হাজাৰ ৪৭২গৰাকী আৰু ১০০ বছৰৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা ২ হাজাৰ ৪৮২গৰাকী আৰু ৬৩,২৬৯গৰাকী চাৰ্ভিচ ভোটাৰ আছে। ভোটাৰৰ পৰিসংখ্যা অনুসৰি ৰাজ্যৰ সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হৈছে দলগাঁও। ইয়াত আছে ৩ লাখ ১৭ হাজাৰ ১১০গৰাকী ভোটাৰ। ইয়াৰ বিপৰীতে অসমৰ সৰ্বনিম্ন ভোটাৰ থকা বিধানসভা সমষ্টিটো হৈছে আমৰি। ইয়াত আছে ১ লাখ ৪৯৪গৰাকী ভোটাৰ। ইয়াৰ বাবে অসমত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোত মুঠ ৩১ হাজাৰ ৪৮৬টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজে ভোটদান কৰি আগন্তুক পাঁচ বছৰৰ বাবে নিজৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰিব।

প্ৰণিধানযোগ্য যে ২০২১ৰ পঞ্চদশ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ মৰ্চাই ৭৫ খন আসন লাভ কৰিছিল। ইয়াৰ ভিতৰত বিজেপিয়ে ৬০ খন, অগপ দলে ৯ খন আৰু ইউপিপিএল দলে ছখন আসন লাভ কৰিছিল। আনহাতে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে ৪৬ খন আসন লাভ কৰিছিল। ইয়াৰ ভিতৰত কংগ্ৰেছে ২৯ খন, এআইইউডিএফ দলে ১৬ খন আৰু চিপিআইএম দলে এখন আসন লাভ কৰিছিল।

উল্লেখ্য যে চলিত পঞ্চদশ অসম বিধানসভাৰ কাৰ্যকাল অহা ২০ মে’ত অন্ত পৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande