অসমত অনুভূত ৰিখটাৰ স্কেলত ৪.৮ৰ ভূঁইকঁপৰ জোকাৰণি; ঘৰৰ পৰা লৰালৰিকৈ ওলাল জনতা
গুৱাহাটী, ০৭ এপ্ৰিল (হি.স.)। ৰাজ্য়ত আজি মঙলবাৰে বিয়লি অসমত ভূমিকম্পৰ কম্পন অনুভূত হয়। দিনৰ ২:১৮:৩১ বজাত অনুভূত হয় এই কঁপনি। ভাৰতীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত ভূমিকম্পৰ তীব্ৰতা ৪.৮ আছিল । ইয়াৰ কেন্দ্ৰস্থল উত্তৰ অক্ষাংশ
असम के हैलाकांदी जिले में आए भूकंप के मैप


গুৱাহাটী, ০৭ এপ্ৰিল (হি.স.)। ৰাজ্য়ত আজি মঙলবাৰে বিয়লি অসমত ভূমিকম্পৰ কম্পন অনুভূত হয়। দিনৰ ২:১৮:৩১ বজাত অনুভূত হয় এই কঁপনি।

ভাৰতীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত ভূমিকম্পৰ তীব্ৰতা ৪.৮ আছিল । ইয়াৰ কেন্দ্ৰস্থল উত্তৰ অক্ষাংশ ২৪.৮২৩ আৰু পূব দ্ৰাঘিমাংশ ৯২.৬৩৪ৰ অসমৰ হাইলাকান্দি জিলাৰ ভূপৃষ্ঠৰ পৰা প্ৰায় ৫ কিলোমিটাৰ গভীৰতাত আছিল ।

কঁপনি অনুভৱ কৰাৰ লগে লগে মানুহে আতংকিত হৈ ঘৰৰ পৰা ওলাই আহিল। অৱশ্যে কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই।

প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande