নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শান্তি ঘূৰি অহাৰ পিছত উন্নয়নৰ পথত আগবাঢ়িছে অসম: অমিত শ্বাহ
হাইলাকান্দি, ০৭ এপ্ৰিল (হি.স.): অসম বিধানসভা নিৰ্বাচন, ২০২৬ৰ ভোটগ্ৰহণলৈ মাজতে মাত্ৰ এটা দিন বাকী থকা অৱস্থাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত পুনৰ শান্তি ঘূৰি আহিছে আৰু ৰাজ্যখন এতিয়া দ্ৰুত গত
असम की बराक घाटी में विधानसभा चुनाव प्रचार के अंतिम दिन चुनावी सभा को संबोधित करते हुए केंद्रीय गृह मंत्री अमित शाह।


হাইলাকান্দি, ০৭ এপ্ৰিল (হি.স.): অসম বিধানসভা নিৰ্বাচন, ২০২৬ৰ ভোটগ্ৰহণলৈ মাজতে মাত্ৰ এটা দিন বাকী থকা অৱস্থাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত পুনৰ শান্তি ঘূৰি আহিছে আৰু ৰাজ্যখন এতিয়া দ্ৰুত গতিত উন্নয়নৰ পথত আগবাঢ়িছে। নির্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত হাইলাকান্দি আৰু শ্ৰীভূমিত অনুষ্ঠিত একাধিক সভাত অংশগ্ৰহণ কৰি শ্বাহে বিজেপি প্ৰাৰ্থীসকলৰ পক্ষত ব্যাপক প্ৰচাৰ চলায়। তেওঁ হাইলাকান্দিত ডা. মিলন দাসৰ সমৰ্থনত এখন জনসভাত অংশ লয় আৰু পাছত শিলচৰত ডা. ৰাজদীপ ৰয় আৰু উদাৰবন্ধত ৰাজদীপ গোৱালাৰ পক্ষত প্ৰচাৰ চলায়।

নিজ বক্তব্যত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত অধিক শক্তিশালী হৈ উঠিছে আৰু কোনো বাহ্য শক্তিয়ে দেশখনক ক্ষতি কৰিব নোৱাৰে। তেওঁ লগতে উল্লেখ কৰে যে বিজেপি চৰকাৰৰ সময়ছোৱাত অসমত উন্নয়নমূলক কাম-কাজে উল্লেখযোগ্য গতি লাভ কৰিছে আৰু আগন্তুক দিনতো ৰাজ্যখনক দেশৰ অন্যান্য আগবঢ়া অঞ্চলসমূহৰ সমতুল্যভাৱে উন্নত কৰা হ’ব।

শ্বাহে আৰু কয় যে আগন্তুক পাঁচ বছৰত বিজেপিয়ে অসমক অধিক উচ্চতালৈ লৈ যোৱাৰ লক্ষ্য ৰাখিছে। তেওঁ উল্লেখ কৰে যে ভূমি পট্টা বিতৰণ আৰু শ্রীভূমিত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন আদি গুৰুত্বপূৰ্ণ পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু আগন্তুক দিনত আৰু বহু উন্নয়নমূলক পৰিকল্পনা ৰূপায়ণ কৰা হ’ব।

আঞ্চলিক উন্নয়ন সন্দৰ্ভত তেওঁ কয় যে শিলচৰক এটা গুৰুত্বপূৰ্ণ নগৰ কেন্দ্ৰ হিচাপে অধিক শক্তিশালী কৰা হ’ব, যাতে লোকসকলে মৌলিক সেৱাৰ বাবে গুৱাহাটীৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। লগতে ৰাজ্যখনৰ কৃষকসকলক আগন্তুক চৰকাৰী আঁচনিৰ জৰিয়তে অধিক সুবিধা আৰু সহায় প্ৰদান কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande