
শ্ৰীভুমি,০৭ এপ্ৰিল (হি.স.)। শ্ৰীভুমি জিলাৰ পাথাৰকান্দিত অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ পুৰ্বে আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা প্ৰচাৰ চলাবলৈ বৰাকত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৰাকৰ তিনিওখন জিলাৰ তিনিখন নিৰ্বাচনী সভাত প্ৰচাৰ চলিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। যোৱা নিশাই শিলচৰত উপস্থিত হৈছে অমিত শ্বাহ। আজি প্ৰথমে শ্ৰীভুমি জিলাৰ পাথাৰকান্দিত নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে।
পাথাৰকান্দিৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে অমিত শ্বাহে।অসমক বাংলাদেশী মুক্ত কৰিবলৈ হলে, অঞ্চলটোৰ বাটপথ যোগাযোগৰ উন্নতি কৰিবলৈ ৰাইজে বিজেপি প্ৰাৰ্থীক ভোট দি বিজয়ী কৰাৰ আহ্বান জনায়। ইয়াৰ পিছত হাইলাকান্দি সমষ্টিৰ প্ৰাৰ্থী ড' মিলন দাসৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। অন্তিম খন নিৰ্বাচনী প্ৰচাৰ চলাব শিলচৰত। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত এই বিশাল নিৰ্বাচনী সভাত অমিত শ্বাহে শিলচৰৰ প্ৰাৰ্থী ডাঃ ৰাজদীপ ৰয় আৰু উদাৰবন্দৰ প্ৰাৰ্থী ৰাজদ্বীপ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে ।উক্ত সভাৰ পিছত দিল্লীলৈ উৰা মাৰিব কেন্দ্ৰীয় মন্ত্ৰী গৰাকী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা