যোগ্য , সমাজ আৰু জাতিৰ হৈ মাত মাতিব পৰা লোকক ভোট দিবলৈ আহ্বান এআইইউডিএফ প্ৰাৰ্থী আব্দুল আজিজৰ
নগাও, ০৭ এপ্ৰিল (হি.স.)। যোগ্য , সমাজ আৰু জাতিৰ হৈ মাত মাতিব পৰা লোকক ভোট দিবলৈ আহ্বান এআইইউডিএফ প্ৰাৰ্থী আব্দুল আজিজৰ। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনত প্ৰচাৰৰ বন্ধৰ পূৰ্বেই চামগুৰি সমষ্টিৰ এআইইউডিএফ প্ৰাৰ্থী আব্দুল আজিজে এক সংবাদমেলৰ জৰিয়তে এইদৰে মন
যোগ্য , সমাজ আৰু জাতিৰ হৈ মাত মাতিব পৰা লোকক ভোট দিবলৈ আহ্বান এআইইউডিএফ প্ৰাৰ্থী আব্দুল আজিজৰ


নগাও, ০৭ এপ্ৰিল (হি.স.)। যোগ্য , সমাজ আৰু জাতিৰ হৈ মাত মাতিব পৰা লোকক ভোট দিবলৈ আহ্বান এআইইউডিএফ প্ৰাৰ্থী আব্দুল আজিজৰ। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনত প্ৰচাৰৰ বন্ধৰ পূৰ্বেই চামগুৰি সমষ্টিৰ এআইইউডিএফ প্ৰাৰ্থী আব্দুল আজিজে এক সংবাদমেলৰ জৰিয়তে এইদৰে মন্তব্য় কৰে।

সংবাদমেলত ভোটাৰ ৰাইজক উদ্দেশ্য়ে তেও কয়, এনেকুৱা প্ৰাৰ্থীক ভোট দিব নালাগে যিয়ে নেকি সমষ্টিৰবাসীৰ হৈ বিধানসভাত মাত মাতিব নোৱাৰিব।

চামগুৰিবাসীলৈ আহ্বান যোগ্য প্ৰাৰ্থীক ভোট প্ৰদান কৰি অসমৰ লগতে ভাৰতবাসীক মেছেজ দিব পাৰে যে চামগুৰিত পৰিয়ালবাদৰ অন্ত পৰিল,আনফালে এআইইউডিএফৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদকেও সংবাদমেলত কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনক মাখি আৰু আব্দুল আজিজক হাতীৰ সৈতে তুলনা কৰে ।

কংগ্ৰেছে তানজিল হুছেইনক প্ৰাৰ্থী দি গণতন্ত্ৰতক অপমান কৰিছে। তানজিল হুছেইনে কাক কি মাতিব লাগে সেইটোৱে বুজি নাপায় সেয়ে যোগ্য প্ৰাৰ্থীক ভোট দিব লাগে অযোগ্য প্ৰাৰ্থীক প্ৰত্যাখ্যান কৰিব লাগে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande