
নতুন দিল্লী, ০৭ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ বাবে দেশৰ ৰন্ধন গেছৰ যোগান ব্যাহত হোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ৫ কেজিৰ সৰু এল পি জি চিলিণ্ডাৰ (ফ্ৰী ট্ৰেড এল পি জি - এফ টি এল)ৰ যোগান কোটা দুগুণ কৰাৰ কথা ঘোষণা কৰিছে। ৫ কিলোগ্ৰাম ওজনৰ মুক্ত বাণিজ্য এল পি জি চিলিণ্ডাৰৰ কোটা বৃদ্ধিয়ে জীৱিকাৰ সন্ধানত বা শিক্ষাৰ বাবে গ্ৰাম্য অঞ্চলৰ পৰা চহৰলৈ প্ৰব্ৰজন কৰি ৰন্ধা-বঢ়াৰ বাবে সংযোগ নোহোৱাকৈ এই সৰু চিলিণ্ডাৰ ব্যৱহাৰ কৰা লোকসকল উপকৃত হ’ব।
পেট্ৰলিয়াম মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি যোৱা মাহৰ ২ আৰু ৩ মাৰ্চত মুকলি বজাৰত যোগান ধৰা সৰু চিলিণ্ডাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ৫ কেজিৰ সৰু গেছ চিলিণ্ডাৰ কোটা দুগুণ কৰা হ’ব। মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে ৫ কেজি ওজনৰ সৰু এফটিএল চিলিণ্ডাৰ ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগক যোগান ধৰা হ’ব আৰু কেৱল প্ৰব্ৰজিত শ্ৰমিককহে যোগান ধৰা হ’ব।
এই সৰু চিলিণ্ডাৰবোৰত স্থায়ী গেছ সংযোগৰ প্ৰয়োজন নহয়। দুৰ্গম গাঁৱৰ পৰা চহৰলৈ পঢ়া-শুনা বা কাম কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰী আৰু প্ৰব্ৰজিত শ্ৰমিকসকলে নিজৰ স্থায়ী ঠিকনাৰ প্ৰমাণ দিয়াৰ পৰিৱৰ্তে কেৱল বৈধ আইডি দেখুৱাই চিলিণ্ডাৰ লাভ কৰিব পাৰে। তদুপৰি চহৰত অস্থায়ীভাৱে বাস কৰা অৰ্থাৎ স্থায়ী ঠিকনা নথকাসকলেও বৈধ আইডি দাখিল কৰি এই চিলিণ্ডাৰ লাভ কৰিব পাৰে। গতিকে প্ৰব্ৰজিত শ্ৰমিক আৰু চহৰত বাস কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৫ কিলোগ্ৰাম ওজনৰ এই গেছ চিলিণ্ডাৰটো অতি উপযোগী বুলি প্ৰমাণিত হৈছে।
পশ্চিম এছিয়াত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা কেন্দ্ৰীয় চৰকাৰে পেট্ৰলিয়াম সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে কাম কৰি আহিছে। ইয়াৰ পূৰ্বে পেট্ৰলিয়াম মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি স্পষ্ট কৰি দিছে যে বৰ্তমানৰ বিশ্ব পৰিস্থিতিৰ পোহৰত পেট্ৰ’ল, ডিজেল, আৰু এল পি জিৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে।
লগতে চিলিণ্ডাৰ কিনিবলৈ আতংকিত নহ’বলৈ চৰকাৰে আহ্বান জনাইছে। উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈ আৰু কেৱল চৰকাৰী তথ্যৰ ওপৰত নিৰ্ভৰ কৰি আতংকৰ পৰা হাত সাৰিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰিও এল পি জি বুকিঙৰ বাবে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ঘৰুৱা এল পি জি আৰু পাইপ প্রাকৃতিক গেছ (পি এন জি) যোগানকো অগ্রাধিকাৰ দিছে চৰকাৰে ৷ বিশেষকৈ চিকিৎসালয়, শিক্ষানুষ্ঠানৰ দৰে অত্যাৱশ্যকীয় খণ্ডৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia