কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৫ টা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১০,৫৫,২৮৮ গৰাকী
৫,০৭,৮৫৭ পুৰুষৰ বিপৰীতে ৫,৪৭,৪০০ গৰাকী মহিলা ভোটাৰ, তৃতীয় লিংগৰ ভোটাৰ ৩১ গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত কামৰূপ মহানগৰ জিলাৰ পাঁচটা সমষ্টি ক্ৰমে ৩৩ নং দিছপুৰ, ৩৪ নং ডিমৰীয়া, ৩৫ নং নিউ গুৱাহাটী, ৩৬ নং গুৱাহাট
কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৫ টা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১০,৫৫,২৮৮ গৰাকী


৫,০৭,৮৫৭ পুৰুষৰ বিপৰীতে ৫,৪৭,৪০০ গৰাকী মহিলা ভোটাৰ, তৃতীয় লিংগৰ ভোটাৰ ৩১

গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত কামৰূপ মহানগৰ জিলাৰ পাঁচটা সমষ্টি ক্ৰমে ৩৩ নং দিছপুৰ, ৩৪ নং ডিমৰীয়া, ৩৫ নং নিউ গুৱাহাটী, ৩৬ নং গুৱাহাটী চেণ্ট্ৰেল আৰু ৩৭ নং জালুকবাৰী সমষ্টি মিলি মুঠ ভোটাৰৰ সংখ্যা ১০,৫৫,২৮৮ গৰাকী। ইয়াৰে ৫,০৭,৮৫৭ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে ৫,৪৭,৪০০ গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৩১ গৰাকী। ৩৩ নং দিছপুৰ সমষ্টিত মুঠ ২,৪৪,৭২৫ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ১,১৭,৭৭১ গৰাকী, মহিলা ভোটাৰ ১,২৬,৯৪৩ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ১১ গৰাকী।

ইফালে ৩৪ নং ডিমৰীয়া সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,১৮,১৫৮ গৰাকী ভিতৰত পুৰুষ ভোটাৰ ১,০৫,৯৬৬ গৰাকী মহিলা ভোটাৰ ১,১২,১৮৫ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৭ গৰাকী। ৩৫ নং নিউ গুৱাহাটী সমষ্টিত মুঠ ভোটাৰ ১,৯২,১৪৮ গৰাকীৰ ভিতৰত পুৰুষ ভোটাৰ ৯১,৫৯২ গৰাকী, মহিলা ভোটাৰ ১,০০৫৫২ গৰাকী আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। তেনেদৰে, ৩৬ নং গুৱাহাটী চেণ্ট্ৰেল সমষ্টিত মুঠ ১,৯২,৬১৫ গৰাকীৰ ভিতৰত ৯৪,৩৪৫ পুৰুষ ভোটাৰ, ৯৮,২৬৮ গৰাকী মহিলা ভোটাৰ আৰু ২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। একেদৰে, ৩৭ নং জালুকবাৰী সমষ্টিত মুঠ ২,০৭,৬৪২ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ৯৮,১৮৩ গৰাকী মহিলা ভোটাৰ ১,০৯,৪৫২ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৭ গৰাকী ।

উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত কামৰূপ মহানগৰ জিলাৰ পাঁচটা সমষ্টিত মুঠ ১২১৮ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে দিছপুৰ সমষ্টিত ২৭২ টা, ডিমৰীয়াত ২৬২ টা, নিউ গুৱাহাটীত ২১৯ টা, গুৱাহাটী চেণ্ট্ৰেলত ২১৮ টা আৰু জালুকবাৰী সমষ্টিত ২৪৭ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিটো সমষ্টিতে এটাকৈ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। জিলাখনত মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১২০ টা।

ইয়াৰে দিছপুৰ সমষ্টিত ২১ টা, ডিমৰীয়াত ৯ টা, নিউ গুৱাহাটীত ৩০ টা, গুৱাহাটী চেণ্ট্ৰেলত ৩৯ টা আৰু জালুকবাৰী সমষ্টিত ২১ টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব। কামৰূপ মহানগৰ জিলাৰ পাঁচটা সমষ্টিত এইবাৰৰ নিৰ্বাচনত মুঠ ২৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু অহা ৯ এপ্ৰিলত সমগ্ৰ ৰাজ্যতে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ৪ মে'ত ভোট গণনাৰ দিন ধাৰ্য কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande