ঝাৰখণ্ডৰ সাৰন্দা বনাঞ্চলত আই ই ডি বিস্ফোৰণ; কোব্ৰা ২০৫ বেটেলিয়নৰ জোৱান আহত
পশ্চিম সিংভূম, ০৬ এপ্ৰিল (হি.স.)। ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ নক্সাল প্ৰভাৱিত সাৰন্দা বনাঞ্চলত পুনৰবাৰ নিৰাপত্তা বাহিনীক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰে নক্সালবাদীয়ে। তালাচী অভিযানৰ সময়ত আই ই ডি বিস্ফোৰণত আহত হয় কোব্ৰা ২০৫ বেটেলিয়নৰ জোৱান অনুজ কু
प्रतीकात्मक फोटो


পশ্চিম সিংভূম, ০৬ এপ্ৰিল (হি.স.)। ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ নক্সাল প্ৰভাৱিত সাৰন্দা বনাঞ্চলত পুনৰবাৰ নিৰাপত্তা বাহিনীক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰে নক্সালবাদীয়ে। তালাচী অভিযানৰ সময়ত আই ই ডি বিস্ফোৰণত আহত হয় কোব্ৰা ২০৫ বেটেলিয়নৰ জোৱান অনুজ কুমাৰ। অৱশ্যে জোৱানজনৰ অৱস্থা গুৰুতৰ নহয় আৰু সামান্য আঘাতপ্ৰাপ্ত হয়।

বালিবা গাঁৱৰ সমীপৰ সাৰন্দা বনাঞ্চলৰ চদৰা ডেৰা অঞ্চলত নিৰাপত্তাৰক্ষীয়ে নিয়মীয়াকৈ অনুসন্ধান চলাইছিল। হঠাৎ বিস্ফোৰণ ঘটে, য’ত জোৱান অনুজ কুমাৰ আহত হয়। লগে লগে তেওঁৰ সহকৰ্মীসকলে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰি নিৰাপদ স্থানলৈ লৈ যায়। বৰ্তমান তেওঁক উন্নত চিকিৎসাৰ বাবে ৰাঁচীলৈ লৈ যোৱা হৈছে, য’ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হ’ব।

ঘটনাটো নিশ্চিত কৰি পশ্চিম সিংভূমৰ আৰক্ষী অধীক্ষক অমিত ৰেনুৱে উল্লেখ কৰে যে নক্সালবাদীৰ এনে কাপুৰুষালিৰ আক্রমণ পূৰ্বতে সংঘটিত হৈ আহিছে, যাৰ ফলত বহু নিৰীহ গাঁওবাসীয়ে হেৰুৱাইছে ৷ তেওঁ উল্লেখ কৰে যে নিৰাপত্তা বাহিনীয়ে নক্সালবাদীৰ বিৰুদ্ধে অহৰহ অভিযান চলাই আছে আৰু ভৱিষ্যতে ইয়াক তীব্ৰতৰ কৰি তুলিব।

আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে যে এই ঘটনাৰ পিছতে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটোত তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। চাৰিওফালৰ বনাঞ্চলত কম্বিং অভিযান চলি থকাৰ লগতে সন্দেহজনক কাৰ্যকলাপৰ তীক্ষ্ণ নজৰ ৰখা হৈছে। কোনো কাৰণতে নক্সালবাদীক ৰেহাই দিয়া নহ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। অঞ্চলটোত শান্তি আৰু নিৰাপত্তা ঘূৰাই অনাৰ বাবে সকলো সম্ভৱপৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। নিৰাপত্তা সংস্থাসমূহে বিষয়টোৰ তদন্ত কৰি আছে, আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে বিতং তথ্য প্ৰকাশ কৰা হ’ব।

লক্ষণীয় যে সাৰন্দা অঞ্চলটো দীৰ্ঘদিন ধৰি নক্সালবাদী কাৰ্যকলাপৰ বাবে স্পৰ্শকাতৰ অঞ্চল হিচাপে বিবেচিত হৈ আহিছে। ঘন বনাঞ্চল আৰু কঠিন ভূখণ্ডৰ বাবে তাত অভিযান চলোৱাৰ ক্ষেত্ৰত নিৰাপত্তা বাহিনীয়ে অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ পিছতো নিৰাপত্তা বাহিনীয়ে অবিৰতভাৱে নক্সালবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে আৰু অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ প্ৰচেষ্টা অব্যাহত আছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande