
নগাঁও, ০৬ এপ্ৰিল (হি.স.): সপ্তাহিক বজাৰত গো মাংস বিক্ৰীক কেন্দ্ৰ কৰি যোৱা কালি দেওবাৰে সন্ধিয়া চামগুৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নৱ গঠিত কলিয়াবৰ সমষ্টিৰ শালনাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনা সপ্তাহিক বজাৰত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
অবৈধ ভাবে গো মাংস বিক্ৰীক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয় । ৰাষ্ট্ৰীয় বজৰংগ দলৰ চামগুৰি প্ৰখণ্ডৰ শালনা খণ্ডৰ বজৰংগী সকলে নিজা ববীয়াকৈও অনুসন্ধান চলোৱাত পোহৰলৈ আহে ঘটনা । এখন হোটেলত বিক্ৰী কৰি আছিল গো মাংস । ঘটনা স্থলীত শালনা আৰক্ষী উপস্থিত হৈ এগৰাকী মহিলা সহ দুজন লোকক আটক কৰে । ঘটনা সন্দৰ্ভত ইতিমধ্যে শালনা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ