
কাঠমাণ্ডু, ০৬ এপ্ৰিল (হি.স.)। নেপালত পেট্ৰলিয়ামৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু বৈদেশিক মুদ্ৰাৰ মজুত সংৰক্ষণৰ লক্ষ্যৰে সপ্তাহত দুটাকৈ ৰাজহুৱা বন্ধৰ দিন প্ৰৱৰ্তনৰ সিদ্ধান্তৰ বাবে শৈক্ষিক কেলেণ্ডাৰত ব্যাঘাত জন্মাক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে।
নেপালৰ ব্যক্তিগত আৰু আৱাসিক বিদ্যালয় সন্থাৰ এক বিবৃতিত কোৱা হৈছে যে শনিবাৰ আৰু দেওবাৰে বন্ধৰ দিন প্ৰদান কৰিলে বছৰি মুঠ ১০৪টা বন্ধৰ দিন নিৰ্ধাৰিত হ’ব। তদুপৰি অন্যান্য ধৰ্মীয় আৰু সাংস্কৃতিক বন্ধৰ দিন যোগ কৰিলে কৰ্মদিনতকৈ অধিক বন্ধৰ দিন আহিব, যাৰ ফলত নেপাল চৰকাৰে নিৰ্ধাৰণ কৰা বিস্তৃত পাঠ্যক্ৰম সময়মতে সম্পূৰ্ণ কৰাটো কঠিন হৈ পৰিব।
বিবৃতিটোত উল্লেখ কৰা হৈছে যে নেপালৰ পাঠ্যক্ৰম আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আৰু যথেষ্ট বিস্তৃত। এফালে কৰ্মদিন কমিছে, আনফালে শৈক্ষিক অধিবেশনত পলম হৈছে, যাৰ ফলত শৈক্ষিক লক্ষ্যত উপনীত হোৱাটো অসম্ভৱ হৈ পৰিছে। বৰ্তমানৰ যুৱ নেতৃত্বৰ চৰকাৰখনে পেট্ৰলিয়ামৰ যোগান স্বাভাৱিক হোৱাৰ লগে লগে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি প্ৰতি সপ্তাহত মাত্ৰ এদিনহে ছুটীৰ ব্যৱস্থা কৰিব লাগে।
সন্থাৰ মতে, শৈক্ষিক অধিবেশনৰ আৰম্ভণিৰ তাৰিখ ১৫ দিন পিছুৱাই দিয়াৰ সিদ্ধান্তই শৈক্ষিক কেলেণ্ডাৰতো অতিৰিক্ত হেঁচা প্ৰয়োগ কৰিব। বিবৃতিটোত কোৱা হৈছে যে পাঠদানৰ দিনৰ সংখ্যা হ্ৰাস কৰি ১৪ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ আৰম্ভ হোৱাৰ তাৰিখ পিছুৱাই দিলে অতিৰিক্ত ১৫ দিনৰ আজৰি সময়ৰ সৃষ্টি হ’ব, যাৰ ফলত খৰচো বৃদ্ধি পাব। গতিকে কেৱল বন্ধৰ দিন বৃদ্ধি কৰাতকৈ সংকটৰ সমাধানৰ বাবে দীৰ্ঘম্যাদী সমাধান বিচাৰি উলিওৱা উচিত।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া