জামুগুৰিহাটৰ হোকাই পথাৰত ১৬ টাকৈ শগুনৰ মৃত্যু
শোণিতপুৰ, ০৬ এপ্ৰিল (হি.স.)। জামুগুৰিহাটৰ হোকাই পথাৰত ১৬ টাকৈ শগুনৰ মৃত্যু ৷ স্থানীয় প্ৰকৃতিপ্ৰেমী একাংশ লোকে এই দৃশ্য দেখাৰ লগে লগে বন বিভাগৰ লোকক খবৰ দিয়ে। এই ঘটনাৰ খবৰ লাভ কৰি বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ শগুণ কেইটাৰ মৃত্যুৰ কাৰণ সন্দৰ
জামুগুৰিহাটৰ হোকাই পথাৰত ১৬ টাকৈ শগুনৰ মৃত্যু


শোণিতপুৰ, ০৬ এপ্ৰিল (হি.স.)। জামুগুৰিহাটৰ হোকাই পথাৰত ১৬ টাকৈ শগুনৰ মৃত্যু ৷ স্থানীয় প্ৰকৃতিপ্ৰেমী একাংশ লোকে এই দৃশ্য দেখাৰ লগে লগে বন বিভাগৰ লোকক খবৰ দিয়ে। এই ঘটনাৰ খবৰ লাভ কৰি বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ শগুণ কেইটাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত তন্ন তন্ন কৈ পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছে।

গৰুৰ মৰা শ ভক্ষণ কৰাৰ ফলত মৃত্যু হোৱাৰ সন্দেহ শগুনকেইটাৰ ৷

ইফালে প্ৰকৃতিৰ জামাদাৰ ৰূপে খ্যাত শগুনকেইটাৰ মৃত্যুত ব্যথিত প্ৰকৃতিপ্ৰেমী ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande