মঙলবাৰে বিয়লি পাঁচ বজাত সামৰণি পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান
গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন । এই উপলক্ষে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান। অহা ৯ এপ্ৰিল বৃহস্পতিবাৰে অসমত গ্ৰহণ কৰা হ্ৰব ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। এই উপলক্ষে কাইলৈ মঙলবাৰে বিয়লি ৫ বজাত সামৰণি পৰিব প্ৰচাৰ অভিয
বিধানসভা


গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন । এই উপলক্ষে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান। অহা ৯ এপ্ৰিল বৃহস্পতিবাৰে অসমত গ্ৰহণ কৰা হ্ৰব ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। এই উপলক্ষে কাইলৈ মঙলবাৰে বিয়লি ৫ বজাত সামৰণি পৰিব প্ৰচাৰ অভিযান।

উল্লেখ্য যে ষষ্ঠদশ অসম বিধানসভা নিৰ্বাচনৰ বাবে শাসক তথা বিৰোধীয়ে ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ জোৰদাৰ প্ৰচাৰ অভিযান চলাই গৈছে। দিনে নিশাই অব্যাহত আছে এই প্ৰচাৰ অভিযান। এইক্ষেত্ৰত শাসকীয় বিজেপি দলটোৱে একেৰাহে তৃতীয়বাৰলৈ ক্ষমতা হস্তগত কৰিবলৈ ব্যাপক প্ৰচাৰ কাৰ্য চলায়। প্ৰধানমন্ত্ৰী, নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী জে পি নড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা তাৰকা প্ৰচাৰকসকলে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ জোৰদাৰ প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমবাৰে বৰপেটা, হোজাই আৰু ডিব্ৰুগড়কে ধৰি তিনিখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে বিগত ১ এপ্ৰিলত অসমলৈ আহি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ধেমাজিৰ গোগামুখ আৰু বিশ্বনাথৰ বিহালীত অনুষ্ঠিত দুখনকৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাইছিল ৷

একেদৰে কংগ্ৰেছ দলৰ হৈ দলটোৰ পূৰ্বৰ সভাপতি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেকে ধৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলে ব্যাপক প্ৰচাৰ অভিযান চলায়। একেদৰে সংখ্যালঘূ ভোটাৰক একত্ৰিত কৰি ৰাখিবলৈ অসমত এআইএমএম দলৰ সভাপতি আছাদুদ্দিন ওৱেইছিয়েও নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰ ৰাইজক আকৃষ্ট কৰে।

উল্লেখ্য যে ষষ্ঠদশ অসম বিধানসভাৰ বাবে ৭২২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ৬৬৩ গৰাকী আৰু মহিলা প্ৰাৰ্থীৰ সংখ্যা ৫৯ গৰাকী । দল হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বাধিক ৯৯ খন আসনত আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ৯০ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। একেদৰে আম আদমী পাৰ্টীয়ে ১৮ খন আসন, চিপিআই (এম) দলে ২ খন, অসম গণ পৰিষদে ২৬ খন, এ আই ইউ ডি এফ দলে ৩০ খন, বি পি এফে ১১ খন, ইউ পি পি এল দলে ১৮ খন, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকে ২ খন, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে ২২ খন, অপনী জনতা পাৰ্টীয়ে ২ খন, অসম জাতীয় পৰিষদে ১০ খন, ভাৰতীয় গণ পৰিষদে ৪ খন, চি পি আই দলে ৩ খন, চি পি আই (এম এল) দলে ৩ খন, গণ সুৰক্ষা পাৰ্টীয়ে ১০ খন, গোণ্ডৱানা গণতন্ত্ৰ পাৰ্টীয়ে ৩ খন, ঝাৰখণ্ড মুক্তি মৰ্চাই ১৬ খন, নেচনেল পিপলছ পাৰ্টী ২ খন, ৰাইজৰ দলে ১৩ খন, ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে ১০ খন, ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া (আঠৱালে)ই ৪ খন, ৰিভ’লিউশ্যনেৰী কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (ৰসিক ভট্ট)ই এখন, ছ’চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ই ৪১ খন, দ্য নেশ্যনেল ৰোড মেপ পাৰ্টী অৱ ইণ্ডিয়াই ২ খন, বিকাশ ইণ্ডিয়া পাৰ্টীয়ে ৫ খন আৰু ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলে ১৭ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ষষ্ঠদশ অসম বিধানসভাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ২৫৮ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীও আছে।

সমষ্টিভিত্তিক সৰ্বাধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিৰ সংখ্যা হৈছে দুটা । ১২২ নং আলগাপুৰ-কাটলিচেৰা আৰু ১২৪ নং দক্ষিণ কৰিমগঞ্জ দুয়োটা সমষ্টিতে ১৫ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । একেদৰে সৰ্বনিম্ন প্ৰাৰ্থী থকা সমষ্টিৰ সংখ্যা হৈছে ৯ টা । এই কেইটা সমষ্টিৰ প্ৰতিটোতে মাত্ৰ ২ গৰাকীকৈ প্ৰাৰ্থীয়েহে প্ৰতিদ্বন্দ্বিতা কৰিছে । এই সমষ্টিকেইটা হৈছে- ৩১ নং ৰঙিয়া, ৫২ নং জাগীৰোড (অনুসূচিত জাতি), ৬৩ নং হোজাই, ৬৯ নং নদুৱাৰ, ৮০ নং জোনাই (অনুসূচিত জনজাতি), ৮২ নং ডুমডুমা, ৯৪ নং মাহমৰা, ৯৯ নং টীয়ক আৰু ১১৪ নং লখিমপুৰ সমষ্টি ।

ইফালে অসমত সুকলমে ভোটগ্ৰহণ সম্পন্ন কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে। ৰাজ্যিক আৰক্ষীৰ সমান্তৰালকৈ নিৰ্বাচনৰ বাবে অসমত দুশৰো অধিক কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ কোম্পানী অনা হৈছে। ইতিমধ্যে বিভিন্ন জিলাই জিলাই পদযাত্ৰা কৰি নিৰাপত্তা বাহিনীয়ে সুৰক্ষা ব্যৱস্থা সৱল কৰি তুলিছে। সমান্তৰালকৈ নিৰ্বাচন আয়োগেও বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছে। ইতিমধ্যে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৬ ত ব্যৱহাৰ হ’বলগীয়া ইলেক্ট্ৰ’নিক ভোটিং মেচিন(EVM) সমূহত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীক চিহ্ন সন্নিবিষ্ট কৰাৰ গুৰুত্বপূৰ্ণ কাম ৰাজ্যৰ সমগ্ৰ ১২৬ টা বিধানসভা সমষ্টিতে সফলভাৱে সম্পন্ন কৰা হৈছে । ই প্ৰক্ৰিয়া চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈকে সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াসকলে নিৰ্ধাৰিত কৰা স্থানসমূহত সম্পন্ন কৰা হৈছে । নিৰ্বাচন আয়োগৰ নিৰ্দেশনাসমূহ অনুসৰণ কৰি সম্পূৰ্ণ স্বচ্ছতাৰে এই প্ৰক্ৰিয়া প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকল অথবা তেওঁলোকৰ অনুমতিপ্ৰাপ্ত প্ৰতিনিধিসকলৰ উপস্থিতিত সম্পন্ন কৰা হৈছে ৷

নিৰ্বাচন আয়োগৰ নিৰ্দেশনাসমূহ অনুসৰণ কৰি মেচিনসমূহৰ যথাৰ্থতা, নিৰ্ভৰযোগ্যতা আৰু উপযুক্ত বিন্যাস নিশ্চিত কৰাৰ বাবে ইলেক্ট্ৰ’নিকছ কৰ্প’ৰেশ্ব্যন অৱ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা অনুমোদিত অভিযন্তা আৰু কাৰিকৰী কৰ্মচাৰীসকলৰ সহায়ত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে । মুঠ ৪১,৩২০ টা বেলট ইউনিট, ৪৩,৯৭৫ টা কণ্ট্ৰ’ল ইউনিট আৰু ৪৩,৯৯৭ টা ভিভিপিএটি ইউনিটত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীক চিহ্ন সন্নিবিষ্ট কৰা হৈছে ।

উল্লেখযোগ্য যে, অসমৰ ১২৬টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২ কোটি ৫০ লাখ ২১ হাজাৰ ৪১৩গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১ কোটি ২৫ লাখ ১৬ হাজাৰ ৫৯১গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ১ কোটি ২৫ লাখ ৪হাজাৰ ৫০১গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৩২১গৰাকী।

ইফালে, অসমৰ ভোটাৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে ১ লাখ ৬৪ হাজাৰ ৪৮ গৰাকীক আৰু নাম কৰ্তন কৰা হৈছে ১ লাখ ৭৭৪গৰাকীক। আনহাতে, অসমত ১৮-১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা ৬ লাখ ২৮ হাজাৰ ৯৩গৰাকী, ৮৫ বছৰৰ উৰ্ধৰ ভোটাৰ ১ লাখ ২ হাজাৰ ৪৭২গৰাকী আৰু ১০০ বছৰৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা ২ হাজাৰ ৪৮২গৰাকী। তদুপৰি, ৰাজ্যৰ সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হৈছে দলগাঁও। ইয়াত আছে ৩ লাখ ১৭ হাজাৰ ১১০গৰাকী ভোটাৰ। ইয়াৰ বিপৰীতে অসমৰ সৰ্বনিম্ন ভোটাৰ থকা বিধানসভা সমষ্টিটো হৈছে আমৰি। ইয়াত আছে ১ লাখ ৪৯৪গৰাকী ভোটাৰ। ইয়াৰ বাবে অসমত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোত মুঠ ৩১ হাজাৰ ৪৮৬টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজে ভোটদান কৰি আগন্তুক পাঁচ বছৰৰ বাবে নিজৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande