নগৰবেৰাৰ ভখুৰাদিয়াত মানসিক বিকাৰগ্ৰস্ত বৃদ্ধক আক্ৰমণক লৈ প্ৰতিক্ৰিয়া
নগৰবেৰাৰ ভখুৰাদিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ।
নগৰবেৰাৰ ভখুৰাদিয়াত মানসিক বিকাৰগ্ৰস্ত বৃদ্ধক আক্ৰমণক লৈ প্ৰতিক্ৰিয়া


কামৰূপ, ০৬ এপ্ৰিল (হি.স.): কামৰূপ জিলাৰ নগৰবেৰাৰ ভখুৰাদিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী মানসিক বিকাৰগ্ৰস্ত বৃদ্ধক গাঁওখনৰ এহাল দম্পত্তিয়ে যোৱা কালি দেওবাৰে নিশা দাৰে ঘপিয়াই আক্ৰমণ কৰাত বৃদ্ধ গৰাকী বৰ্তমান চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে।

জানিব পৰা মতে, পাৰ্শ্বৱৰ্তী গাঁওৰ আব্দুৰ ৰহমান নামৰ ৬০ বছৰীয়া বৃদ্ধ গৰাকীক এনেদৰে আক্ৰমণ কৰি ঘুনীয়া কৰিছে । ব্যক্তিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ভখুৰাদিয়া গাঁওৰ আমিনুল হক আৰু তেওঁৰ পত্নী মমতাজ বেগমৰ বিৰুদ্ধে উত্থাপিত হৈছে এই আক্ৰমণৰ অভিযোগ । ঘটনা সন্দৰ্ভত ইতিমধ্যে নগৰবেৰা আৰক্ষী থানাত ভূক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে। শীঘ্ৰে ঘটনাৰ সৈতে জড়িত আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবী জনাইছে অঞ্চলবাসী লোকসকলেয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande