য়েছ বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে বিনয় মুৰলীধৰ টনছৰ দায়িত্ব গ্ৰহণ
নতুন দিল্লী, ০৬ এপ্ৰিল (হি.স.)। বিনয় মুৰলীধৰ টনছে সোমবাৰে য়েছ বেংকৰ পৰিচালন সঞ্চালক (এম ডি) আৰু মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) হিচাপে দায়িত্ব গ্ৰহণ কৰে। ৫ এপ্ৰিলত বৰ্ধিত কাৰ্যকাল সমাপ্ত হোৱা প্ৰশান্ত কুমাৰৰ স্থান লৈছে টনছে। বিনয় মুৰলীধৰ টনছে
विनय मुरलीधर टोंसे का फाइल फोटो


নতুন দিল্লী, ০৬ এপ্ৰিল (হি.স.)। বিনয় মুৰলীধৰ টনছে সোমবাৰে য়েছ বেংকৰ পৰিচালন সঞ্চালক (এম ডি) আৰু মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) হিচাপে দায়িত্ব গ্ৰহণ কৰে। ৫ এপ্ৰিলত বৰ্ধিত কাৰ্যকাল সমাপ্ত হোৱা প্ৰশান্ত কুমাৰৰ স্থান লৈছে টনছে।

বিনয় মুৰলীধৰ টনছেক আনুষ্ঠানিকভাৱে তিনি বছৰৰ বাবে পৰিচালন সঞ্চালক (এম ডি) আৰু মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন আৰু শ্বেয়াৰহোল্ডাৰৰ অনুমোদনৰ অধীনত ৬ এপ্ৰিলত তেওঁ এম ডি আৰু চিইঅ’ হিচাপে দায়িত্ব গ্ৰহণ কৰে।

য়েছ বেংকৰ মতে, ৩৫ বছৰতকৈও অধিক অভিজ্ঞতা থকা এজন অভিজ্ঞ বেংকিং বিশেষজ্ঞ টনছে প্ৰশান্ত কুমাৰৰ ঠাইত বেংকটোৰ পৰৱৰ্তী পৰ্যায়ৰ বৃদ্ধিৰ নেতৃত্ব দিছে। টনছে ট্ৰেজাৰী, খুচুৰা বেংকিং, কৰ্পৰেট বেংকিং, আন্তঃৰাষ্ট্ৰীয় পৰিচালনা, আৰু সম্পত্তি ব্যৱস্থাপনাৰ দৰে ক্ষেত্ৰত কাম কৰিছে। তেওঁ ভাৰতীয় ষ্টেট বেংকৰ পৰিচালন সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande