
নগাঁও, ০৬ এপ্ৰিল (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ ১নং কাঠপাৰাত যোৱা কালি দেওবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ৰাইজৰ গণ প্ৰহাৰত দুই ডকাইতৰ মৃত্যু হোৱাক লৈয়ে এই পৰিস্থিতিৰ সৃষ্টি হয় ।
জানিব পৰামতে, ডকাইতি কৰিব আহি ৰাইজৰ ৰোষত পৰিল চাৰি ডকাইত । মুজ্জামেল নামৰ লোকজনৰ ঘৰত নিশা ১০-১২ জনীয়া এটি ডকাইতৰ দলে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে । ডকাইতক প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই অহাত ডকাইতৰ দলটিয়ে পলাবলৈ চেষ্টা কৰে যদিও ৰাইজে খেদি খেদি আটক কৰে চাৰি ডকাইতক । ৰাইজে খেদি খেদি আটক কৰা ডকাইত কেইটাক উত্তম মধ্যম সোধাই গতাই দিয়ে আৰক্ষীক।আৰক্ষীয়ে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও দুজন ডকাইত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এতিয়ালৈকে উদ্ধাৰ হোৱা নাই ডকাইত চাৰিজনৰ পৰিচয়। ইতিমধ্যে চাৰিজন ডকাইতৰ দুজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়াও চেপা উত্তেজনা অব্যাহত আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ