তামুলপুৰত ইউপিপিএল প্ৰাৰ্থী প্ৰমোদ বড়োৰ বৃহৎ ৰেলী
তামুলপুৰ, ০৬ এপ্ৰিল (হি.স.)। তামুলপুৰত ইউপিপিএল প্ৰাৰ্থী প্ৰমোদ বড়োৰ বৃহৎ ৰেলী , ১ লাখতকৈ অধিক সমৰ্থনৰ অংশগ্ৰহণ। ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউ পি পি এল) দলৰ এক বিশাল নিৰ্বাচনী ৰেলীৰ আয়োজন কৰা হয়। দলটোৰ প্ৰাৰ্
তামুলপুৰত ইউপিপিএল প্ৰাৰ্থী প্ৰমোদ বড়োৰ বৃহৎ ৰেলী


তামুলপুৰ, ০৬ এপ্ৰিল (হি.স.)। তামুলপুৰত ইউপিপিএল প্ৰাৰ্থী প্ৰমোদ বড়োৰ বৃহৎ ৰেলী , ১ লাখতকৈ অধিক সমৰ্থনৰ অংশগ্ৰহণ।

৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউ পি পি এল) দলৰ এক বিশাল নিৰ্বাচনী ৰেলীৰ আয়োজন কৰা হয়। দলটোৰ প্ৰাৰ্থী তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৰ সমৰ্থনত অনুষ্ঠিত এই ৰেলীত লাখ লাখ পুৰুষ-মহিলা সমৰ্থকে অংশগ্ৰহণ কৰি সমষ্টিটোৰ ষষ্ঠ নিৰ্বাচনী উত্তাপ বৃদ্ধি পোৱা দেখা যায়।

এই বৃহৎ ৰেলীটো তামুলপুৰ জিলাৰ মটঙাচকৰ পৰা আৰম্ভ হৈ তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈকে অগ্ৰসৰ হয়। ৰেলীটোত অংশগ্ৰহণ কৰা সমৰ্থকসকলে বিভিন্ন ইউপিপিএল জিন্গাদাবাদ , প্ৰমোদ বড়ো লং লিভ ৰে আকাশ বতাহ কপাই তোলে অঞ্চলটোত এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰে।

ৰেলীৰ পাছত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি প্ৰমোদ বড়োৱে কয় যে, এইবাৰৰ বিধানসভা নিৰ্বাচনত ইউপিপিএল দলে ১০ পৰা ১২ খন আসন লাভ কৰিব । তেওঁ লগতে প্ৰকাশ কৰে যে, এই আসনসমূহে অসম বিধানসভাত চৰকাৰ গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

প্ৰমোদ বড়োৱে জনসাধাৰণৰ ব্যাপক সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, তামুলপুৰ সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু জনকল্যাণমূলক কাম-কাজক আগবঢ়াবলৈ তেওঁ প্ৰতিশ্ৰুতিবদ্ধ।

এই বৃহৎ ৰেলীয়ে তামুলপুৰত ইউপিপিএল দলৰ জনভিত্তি আৰু শক্তি প্ৰদৰ্শন কৰাৰ লগতে আগন্তুক নিৰ্বাচনৰ বাবে দলটোৰ আত্মবিশ্বাসো স্পষ্টকৈ প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande