
চেন্নাই, ০৬ এপ্ৰিল (হি.স.)। সোমবাৰে পুৱা আয়কৰ বিভাগৰ বিষয়াসকলে ১০টাতকৈও অধিক স্থানত অভিযান চলায়, য’ত ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আৰু বৰ্তমান জামিনত বাহিৰত থকা ডি এম কেৰ প্ৰাক্তন নেতা জাফেৰ ছাদিকৰ সৈতে জড়িত স্থানসমূহো আছে।
তামিলনাডু বিধানসভা নিৰ্বাচনৰ সময়ত চেন্নাইত একাংশ ব্যক্তিয়ে ধন বিতৰণ কৰাৰ তথ্য লাভ কৰে আয়কৰ বিভাগ আৰু ইলেকচন ফ্লাইং স্কোয়াডৰ দলে। এই তথ্যৰ ভিত্তিত আজি পুৱা আয়কৰৰ বিষয়া আৰু ফ্লাইং স্কোয়াডৰ সদস্যই ডি এম কে নেতা জাফাৰ ছাদিকৰ সৈতে জড়িত স্থানকে ধৰি চহৰখনৰ ১০টাতকৈও অধিক স্থানত অভিযান চলায়। বাতৰি লিখাৰ সময়লৈকে তদন্ত অব্যাহত আছিল। আয়কৰ আৰু অন্যান্য বিষয়াসকলে বিশেষকৈ চেন্নাইৰ আন্না ছালাই, পুৰাছাৱক্কম, এগম’ৰ, পটিনাপাক্কামৰ দৰে অঞ্চলত তদন্ত চলাই আছে।
জানিব পৰা মতে, ২০২৪ চনত ২০০০ কোটি টকাৰ ড্ৰাগছ সৰবৰাহৰ গোচৰত জড়িত জাফাৰ ছাদিকৰ সৈতে জড়িত চৌহদ আৰু কোম্পানীসমূহৰ ওপৰতো আয়কৰ বিভাগৰ দলসমূহে তদন্ত চলাই আছে। কিছুদিন পূৰ্বে তেওঁক জামিনত মুকলি কৰি দিয়া হৈছিল।
আয়কৰ বিভাগৰ পৰা বিতং তথ্যৰ বাবে অপেক্ষা কৰি আছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে কোনো ধৰণৰ অবৈধ নগদ ধন উদ্ধাৰ কৰা হৈছে নে নাই আৰু জাফৰ ছাদিক জড়িত আছিল নে নাই সেয়া স্পষ্ট হ’ব। নিৰ্বাচনৰ বতৰত চলোৱা এই বৃহৎ কাৰ্য্যই ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে ২৩ এপ্ৰিলত হ’বলগীয়া তামিলনাডু বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যতে আদৰ্শ আচৰণ বিধি প্ৰযোজ্য। ইয়াৰ অধীনত ফ্লাইং স্কোয়াডৰ দল, আৰক্ষী, আয়কৰ বিভাগ, আৰু বলবৎকাৰী সঞ্চালকালয়ৰ বিষয়াসকলে নগদ ধনৰ লেনদেন নিৰীক্ষণৰ বাবে নিবিড় তদন্ত চলাই আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া