
যোৰহাট, ০৬ এপ্ৰিল (হি.স.)। তিতাবৰত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। তিতাবৰত অগ্নিদগ্ধ হৈছে দুটিকৈ দেৱ শিশু। ফলত গুৰুতৰভাৱে আহত হৈছে শিশুদুটি।
তিতাবৰ কাছজান চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এই ঘটনা। ঘৰৰ ভিতৰতে খেলি থকা অৱস্থাত হঠাৎ অগ্নিদগ্ধ হ'ল এটি ২ মহীয়া দেৱ শিশুৰ লগতে এগৰাকী ৫ বছৰীয়া কন্যা সন্তান।
দুয়োটি শিশুক তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
দুয়োটি শিশুৰ অৱস্থা সম্প্ৰতি সংকটজনক অৱস্থাত আছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু