
কাছাৰ, ০৬ এপ্ৰিল (হি.স.)। চুৰিৰ বিৰুদ্ধে অভিযান চলাই শিলচৰ চহৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে ৰাঙিৰখাড়ি আৰক্ষীয়ে। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে পাঁচজন কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰ অনুসৰি, ৰাঙিৰখাড়ি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নেতৃত্বত এটা বিশেষ দলে চহৰৰ বিভিন্ন স্থানত অভিযান চলায়। এই অভিযানত ধৃতসকলক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা কেইবা লাখ টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰা হয়।
উদ্ধাৰ কৰা সামগ্ৰীৰ ভিতৰত আছে—৪৭টা মোবাইল ফোন, ৪টা লেপটপ, ১টা টেবলেট, নগদ ৭৩ হাজাৰ টকা, ৯টা ঘড়ী, ১ জোৰা সোণৰ কাণৰ দুলি, ৩টা আঙঠি, ১খন চাইকেল, ১টা ইনভাৰ্টাৰ মেচিন, ৪টা অটো চাৰ্জাৰ আৰু ৩টা হাইড্ৰ’লিক কাটাৰসহ আন বহু মূল্যবান সামগ্ৰী।গ্ৰেপ্তাৰ কৰা ব্যক্তিসকল হৈছে—আব্দুল বাসিত চৌধুৰী, জয়দীপ দাস, প্ৰদীপ দাস, আৰিফ উদ্দিন লস্কৰ আৰু ৰাহুল চৰকাৰ। আৰক্ষীয়ে জনোৱা মতে, তেওঁলোক সকলো শিলচৰ চহৰৰ বাসিন্দা। আৰক্ষীয়ে আৰু জনাইছে যে, এই চোৰ চক্ৰৰ সৈতে আন কোনো লোক জড়িত আছে নেকি সেই দিশতো তদন্ত অব্যাহত আছে। চুৰিৰ বিৰুদ্ধে এনে ধৰণৰ অভিযান আগন্তুক দিনতো অব্যাহত থাকিব বুলি ৰাঙিৰখাড়ি আৰক্ষীয়ে স্পষ্টকৈ জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ