
বেংগালুৰু, ০৬ এপ্ৰিল (হি.স.)। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এল ২০২৬ৰ ১১ সংখ্যক মেচত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক ৪৩ ৰানত পৰাস্ত কৰি শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। এই পৰাজয়ৰ ফলত চি এছ কেৰ তৃতীয়বাৰৰ বাবে পৰাজিত হয়।
প্ৰথমে বেটিং কৰি আৰ চি বিয়ে লেহেমীয়া আৰম্ভণি কৰিছিল যদিও পিছৰ অভাৰত দলটোৱে আক্ৰমণাত্মকভাৱে খেলি ২০ অভাৰত ২৫০ ৰান সংগ্ৰহ কৰে। দলটোৰ ইনিংছত ১৯টা ছয় আৰু ১৪টা চাৰিৰে দৰ্শকক পুংখানুপুংখভাৱে মনোৰঞ্জন প্ৰদান কৰে।
বিৰাট কোহলি (২৮) আৰু ফিল ছল্ট (৪৬) দলৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত এক সুদৃঢ় ভেটি গঢ়ি তুলিছিল। ইয়াৰ পিছতে উৎকৃষ্ট ফৰ্মত থকা দেৱদত্ত পাদিক্কালে (৫০) ক্ৰমাগত দ্বিতীয়টো অৰ্ধশতকেৰে ইনিংছ ত্বৰান্বিত কৰে। অন্তিম অভাৰত অধিনায়ক ৰজত পাটিদাৰ আৰু টিম ডেভিদে (২৫ বলত ৭০) বিস্ফোৰক বেটিং কৰি শেষৰ পাঁচ অভাৰত ৯৭ ৰান সংযোজন কৰি স্ক’ৰ ২৫০লৈ বৃদ্ধি কৰে।
লক্ষ্য খেদি খেদি চি এছ কেৰ আৰম্ভণি বেয়া হয়। অধিনায়ক ৰুতুৰাজ গাইকোৱাড (৭) আৰু সঞ্জু চেমছন (৯) আগতীয়াকৈ আউট হয়। মাত্ৰ ৩০ ৰানত ৩ উইকেট হেৰুৱালে দলটোৱে। এই সময়ছোৱাত ছাৰফৰাজ খানে (৫০) কিছু প্ৰতিৰোধ কৰিছিল ঠিকেই।
মিডল অৰ্ডাৰত ক্ৰুনাল পাণ্ডিয়াই এক অভাৰত দুটা উইকেট দখল কৰি মেচখন সম্পূৰ্ণৰূপে আৰচিবিৰ সপক্ষে ঘূৰাই আনে। ইয়াৰ পাছতে ভুৱনেশ্বৰ কুমাৰে তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰি চি এছ কেৰ আশাত চেঁচাপানী ঢালে। শেষত প্ৰশান্ত বীৰ (৪৩) আৰু জেমী অভাৰটনে (৩৭) সংগ্ৰাম কৰিছিল যদিও দলটোক জয়ৰ দিশে আগবঢ়াই নিব নোৱাৰিলে।
১৯.৪ অভাৰত ২০৭ ৰানত অল আউট হৈছিল চি এছ কে। আৰচিবিৰ হৈ ভুৱনেশ্বৰ কুমাৰে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে লুক ডাফী, ক্ৰুনাল পাণ্ডিয়া আৰু অভিনন্দন সিঙে দুটাকৈ উইকেট দখল কৰে। এই জয়ৰ জৰিয়তে আৰ চি বিয়ে ঘৰুৱা ক্ষেত্ৰত একেৰাহে দ্বিতীয়বাৰৰ বাবে জয় পঞ্জীয়ন কৰি ছিজনৰ এক শক্তিশালী আৰম্ভণি কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া