এফ এ কাপ ২০২৬ৰ ছেমি ফাইনেল: মেন চিটিৰ বিৰুদ্ধে চাউথমপটন, চেলছীৰ বিৰুদ্ধে লিডছ ইউনাইটেড
নতুন দিল্লী, ০৬ এপ্ৰিল (হি.স.)। এফ এ কাপ ২০২৫-২৬ৰ ছেমি ফাইনেল খেলৰ ঘোষণা কৰা হৈছে । প্ৰথমখন ছেমি ফাইনেলত মানচেষ্টাৰ চিটিয়ে চাউথমপটনৰ বিৰুদ্ধে খেলিব, দ্বিতীয় ছেমি ফাইনেলত চেলছীয়ে লিডছ ইউনাইটেডৰ বিৰুদ্ধে খেলিব। সপ্তাহৰ শেষৰ ফালে ২৫ আৰু ২৬ এপ্ৰিলত
एफए कप 2026 सेमीफाइनल में मैन सिटी का सामना साउथेम्प्टन से


নতুন দিল্লী, ০৬ এপ্ৰিল (হি.স.)। এফ এ কাপ ২০২৫-২৬ৰ ছেমি ফাইনেল খেলৰ ঘোষণা কৰা হৈছে । প্ৰথমখন ছেমি ফাইনেলত মানচেষ্টাৰ চিটিয়ে চাউথমপটনৰ বিৰুদ্ধে খেলিব, দ্বিতীয় ছেমি ফাইনেলত চেলছীয়ে লিডছ ইউনাইটেডৰ বিৰুদ্ধে খেলিব। সপ্তাহৰ শেষৰ ফালে ২৫ আৰু ২৬ এপ্ৰিলত দুয়োখন মেচ অনুষ্ঠিত হ’ব ।

ছেমি ফাইনেলৰ দুয়োখন মেচ ৱেম্বলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

কোৱাৰ্টাৰ ফাইনেলত মানচেষ্টাৰ চিটিয়ে লিভাৰপুলক ৪-০ গ’লত পৰাস্ত কৰি দৰ্শনীয় ৰূপত অন্তিম চাৰিটাত প্ৰৱেশ কৰে। লীগ ৱান দল প’ৰ্ট ভেলক ৭-০ গ’লত পৰাস্ত কৰে চেলছীয়ে। কোৱাৰ্টাৰ ফাইনেলৰ আটাইতকৈ ডাঙৰ ওলট পালট হৈছিল যেতিয়া চাউথমপটনে আৰ্চেনালৰ বিৰুদ্ধে ২-১ গ’লত জয়লাভ কৰি সকলোকে স্তম্ভিত কৰি তুলিছিল।

লিডছ ইউনাইটেডে পেনাল্টি শ্বুটআউটত ৱেষ্ট হাম ইউনাইটেডক পৰাস্ত কৰি ৩৯ বছৰৰ পাছত ছেমি ফাইনেলত প্ৰৱেশ কৰে।

ছেমিফাইনেল খেলৰ সময়সূচী:

চেলছী বনাম লিডছ ইউনাইটেড – ২৫ এপ্ৰিল।

চাউথমপটন বনাম মানচেষ্টাৰ চিটি – ২৬ এপ্ৰিল।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande