বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত তাৎপৰ্যপূৰ্ণ যোগদান
গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত এক তাৎপৰ্যপূৰ্ণ যোগদান কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হয়৷ ৰাজ্যিক বিজেপিৰ পেনেলিষ্ট প্ৰিয়ংকা তামুলীয়ে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত জনোৱা মতে, সেই
বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত তাৎপৰ্যপূৰ্ণ যোগদান


গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত এক তাৎপৰ্যপূৰ্ণ যোগদান কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হয়৷ ৰাজ্যিক বিজেপিৰ পেনেলিষ্ট প্ৰিয়ংকা তামুলীয়ে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত জনোৱা মতে, সেই অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ আৰু অসম তৃণমূল কংগ্ৰেছৰ কেইবাজনো প্ৰভাৱশালী নেতাই ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নমুখী নীতি, শক্তিশালী আদৰ্শ আৰু নেতৃত্বৰ প্ৰতি আস্থা প্ৰকাশ কৰি আনুষ্ঠানিকভাৱে দলত যোগদান কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম প্ৰদেশ কংগ্ৰেছৰ মেডিকেল চেলৰ অধ্যক্ষ ড॰ মৃদু পৱন মহন্ত আৰু মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি বীৰ কুমাৰ কোঁৱৰে যোগদান কৰে৷

লগতে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি তথা ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ উপস্থিতিত অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অতুল দত্তৰ লগতে¸ ৰাকেশ বৰদলৈ, ঝিম্পী বৰদলৈ, সুৰজিত দাস, জয়ন্ত বৈশ্য আৰু জয়কুণ বসুমতাৰীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে৷ নতুন সদস্য সকলক উষ্ম আদৰণি জনাই, তেখেতসকললৈ সক্ৰিয় অংশগ্ৰহণ আৰু সমৰ্পিত মনোভাৱেৰে দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে৷ শেষত প্ৰিয়ংকা তামুলীয়ে জানিবলৈ দিয়ে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীয়ে বৰ্তমান চলিত নিৰ্বাচনৰ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিত এক নতুন গতি আনিব বুলি দলীয় মহলত দৃঢ় বিশ্বাস প্ৰকাশ কৰা হৈছে৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande