
কামৰূপ, ৬ এপ্ৰিল (হি.স.)। হাজোৰ পাকৰকনা মৰ্ডান পাব্লিক স্কুলত চাঞ্চল্যকৰ ঘটনা ।বিদ্যাল়য়ৰ পৰা নিখোজ এটি কন মানি ছাত্ৰ।ৰহস্য জনক ভাৱে কন মানি ছাত্ৰ নিখোজ হোৱাত হাহাকাৰ অভিভাৱকৰ।ছাত্ৰ জনৰ অভিভাৱকে বিদ্যাল়য় খনৰ পৰা আনিব যোৱাত লাগিল হাহাকৰ ।
পিছত বিদ্যালয় কৰ্তিপক্ষয় বিচাৰ খোচাৰ আৰম্ভ কৰাত ওলাই পৰিল আঁচল ৰহস্য।বিদ্যাল়য় খনৰ পৰা ছাত্ৰ জনক বাহন এখনে উঠুৱাই লৈ যোৱা বুলি নিশ্চিত হয়।বিদ্যালয় পক্ষৰ অজ্ঞাতে কেনেকৈ ছাত্ৰ জনক উলিয়াই লৈ গল তাক লৈ ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে ।পিছত চলন্ত অৱস্থাতে ছাত্ৰ জনৰ অভিভাবকে ছাত্ৰ জনক উদ্ধাৰ কৰে যদিও গাড়ী সহ চালক দুজনক আৱদ্ধ কৰে।পিছত দুয়োজনকে হাজো আৰক্ষী ক গতাই দিয়ে অভিভাবকে।মডাৰ্ণ পাব্লিক স্কুলৰ এনে দায়িত্ব হীন কাণ্ডৰ বিৰুদ্ধে হাজো আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে অভিভাৱক জনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ