পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু, এই অভিযোগক মিছা বুলি অভিহিত ৰিনিকী ভূঞা শৰ্মাৰ
গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাই কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰাৰ অভিযোগত ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিছে । ৰিনিকী ভূঞা শৰ্মাই তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ সম্
Spouse of the CM Riniki Bhuyan Campaigns for CM in Jalukbari Amid Adverse Weather रिनिकी भुइयां


গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাই কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰাৰ অভিযোগত ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিছে ।

ৰিনিকী ভূঞা শৰ্মাই তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু মনেসজা কৰা বুলি উল্লেখ কৰে। এই গোচৰৰ দোষীক আইনৰ অধীনত কঠোৰ শাস্তি দিব লাগে বুলিও কয় তেওঁ । লগতে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীক “সহজ লক্ষ্য” হিচাপে লক্ষ্য কৰি লোৱা হৈছে কাৰণ তেওঁৰ বিৰুদ্ধে কোনো সুনিৰ্দিষ্ট বিষয় নাই।

মন কৰিবলগীয়া যে কংগ্ৰেছ দলে অভিযোগ কৰিছিল যে ৰিনিকি ভূঞা শৰ্মাই ইউ এ ই, ইজিপ্ত, এন্টিগুয়াত নাগৰিকত্ব লাভ কৰিছে আৰু আমেৰিকা আৰু উপসাগৰীয় দেশত অবৈধ সম্পত্তিৰ মালিক। এই অভিযোগবোৰক ইচ্ছাকৃত অপপ্ৰচাৰ বুলি অভিহিত কৰি তেওঁ স্পষ্টভাৱে নাকচ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande