
নতুন দিল্লী, ০৬ এপ্ৰিল (হি.স.)। ৰাজ্যসভাৰ সভাপতি চি.পি. ৰাধাকৃষ্ণনে সোমবাৰে সংসদ ভৱনত সদনৰ নৱনিৰ্বাচিত ১৯জন সদস্যক পদৰ শপত গ্ৰহণ কৰোৱায় । জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা শৰদ পাৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে, বিজেপিৰ ৰামৰাও ৱাডকুটে, মায়া ইভনাটে আৰু জ্যোতি ৱাঘমাৰেকে ধৰি নৱনিৰ্বাচিত সাংসদসকলে শপত গ্ৰহণ কৰে।
আজি শপত গ্ৰহণ কৰাসকলৰ ভিতৰত আছে ৰামদাস বন্দু আঠাৱালে, মায়া চিন্তামন ইভনাতে, শৰদচন্দ্ৰ পাৱাৰ, ৰামৰাও সখাৰাম ৱাডকুটে, আৰু মহাৰাষ্ট্ৰৰ পৰা ড° জ্যোতি নগানাথ ৱাঘমাৰে। ক্রিষ্টোফাৰ মানিকম, ড০ আনবুমণি ৰামাডোছ, কনষ্টেণ্টাইন ৰবিন্দ্রন, এল.কে. সুধিশ, ড° এম থাম্বিদুৰাই, আৰু তামিলনাডুৰ পৰা তিৰুচি শিৱ। পশ্চিম বংগৰ পৰা বাবুল সুপ্ৰিয় বৰাল, ড° মেনকা গুৰুস্বামী, ৰাজীৱ কুমাৰ, ৰুক্মিণী মল্লিক, আৰু বিশ্বজিৎ সিনহাই শপত গ্ৰহণ কৰে। ওড়িশাৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে শান্তৰূপ মিশ্ৰ, দিলীপ কুমাৰ ৰায় আৰু মনমোহন সমলে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া