ধিঙত বিধান সভা নিৰ্বাচনী গাড়ীৰ খুন্দাত এগৰাকী ছয় বছৰীয়া শিশুৰ মৃত্যু
ধিঙত বিধান সভা নিৰ্বাচনৰ গাড়ীৰ খুন্দাত এগৰাকী ছয় বছৰীয়া শিশুৰ মৃত্যু।
ধিঙত বিধান সভা নিৰ্বাচনী গাড়ীৰ খুন্দাত এগৰাকী ছয় বছৰীয়া শিশুৰ মৃত্যু


নগাঁও, ০৬ এপ্ৰিল (হি.স.): নিৰ্বাচনী উথপথপ পৰিৱেসৰ মাজতে নগাঁও জিলাৰ ধিঙত এক অঘটন সংঘটিত হৈছে। বিধান সভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত গাড়ীৰ খুন্দাত যোৱাকালি দেওবাৰে সন্ধিয়া এগৰাকী ছয় বছৰীয়া শিশুৰ মৃত্যু হয়। ৫৫ নং ধিং বিধানসভা সমষ্টিৰ কমিউনিষ্ট দলৰ পাৰ্টি জাকিৰ ইছলামৰ বাহনৰ খুন্দাত থিতাতে নিহত হয় শিশুটি । ধিঙৰ উধানতলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুর্ঘটনাটো।

কমিউনিষ্ট পাৰ্টিৰ ধিং বিধানসভা সমষ্টিৰ প্ৰাৰ্থী জাকিৰ ইচলামে নির্বাচনী প্ৰচাৰ চলাই থকা সময়তে তেওঁৰ এএছ ০২ এএম ৯৪৯২ নম্বৰৰ গাড়ী খনে সুহানা খাতুন নামৰ শিশুটিক খুন্দিয়াই দিয়ে । গুৰুতৰ আঘাত পোৱাৰ ফলত ঘটনাস্থলীতেই শিশুটিৰ মৃত্যু হয় ।ঘটনাৰ পাছতেই স্থানীয় ৰাইজ ক্ষুব্ধ হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande